১৯ এপ্ৰিলত ডিমা-হাচাও হৈ চলিব লগা সকলো ৰে’ল বাতিল

nf railway train cancelled in assam

কাইলৈ ১৯ এপ্ৰিলত ডিমা হাচাও জিলা হৈ চলা সকলো ৰে’ল বাতিল কৰা হৈছে। এন চি এইচ আই এচ এফ (North Cachar Hills Indigenous Students Forum)এ জিলাখনত আহ্বান কৰা ৰে’ল অৱৰোধ কাৰ্য্যসূচীৰ বাবে ৪ খন ৰে’ল হয় বাতিল নহ’লে ভ্ৰমণকাল পিছুৱাই দিয়া হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱ জ্যোতি শৰ্মাই কিছুসময় পূৰ্বে এন ই নাও-ক এই কথা নিশ্চিত কৰিছে।

১৮ এপ্ৰিলত গুৱাহাটীৰ পৰা যাব লগা গুৱাহাটী-শিলচৰ পেছেঞ্জাৰ ৰে’ল আৰু ১৯ এপ্ৰিলত শিলচৰ এৰিব লগা শিলচৰ-গুৱাহাটী পেছেঞ্জাৰ বাতিল কৰা হৈছে।

আনহাতে ১৯ এপ্ৰিলত গুৱাহাটী পাব লগা শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ লামডিঙত ৰখোৱা হ’ব আৰু লামডিং-শিলচৰৰ মাজৰ যাত্ৰা বাতিল কৰা হৈছে। হাফলঙৰ দিশে যাব লগা যাত্ৰীৰ সুবিধাৰ অৰ্থে কাঞ্চনজংঘা ৰে’লখন চাপৰমুখ, হোজাই আৰু লংকাতো ৰখোৱা হ’ব।

সেইদৰে শিলচৰ-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰে’ছ শিলচৰৰ পৰিৱৰ্তে ২০ এপ্ৰিলত গুৱাহাটীৰ পৰা যাত্ৰা কৰিব। শিলচৰ-গুৱাহাটীৰ মাজত ৰে’লখনৰ যাত্ৰা সাময়িকভাৱে বন্ধ থাকিব।