আজি সন্ধিয়া ৯.৩০ বজাত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত যোৱা ৩ নৱেম্বৰৰ পৰা চলি থকা ১৯ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ সামৰণি পৰে। অন্তিম দিনটোত গ্ৰন্থ বিক্ৰেতা আৰু আয়োজকে যথেষ্ট সংখ্যক গ্ৰন্থপ্ৰেমীৰ আগমন আশা কৰিছিল যদিও মূৰকত সেয়া দেখা নগ’ল। দিনটো তেনেই তাকৰীয়া গ্ৰন্থপ্ৰেমীৰ উপস্থিতিৰে পাৰ হোৱাৰ পিছত সন্ধ্যাৰ ভাগত কিছু সংখ্যক গ্ৰন্থপ্ৰেমীৰ ভিৰ হোৱা দেখা যায় যদিও সেয়া গ্ৰন্থ বিক্ৰেতাসকলক উৎফুল্ল কৰিব পৰাকৈ পৰ্য্যাপ্ত নহ’ল। ‘আমাৰ ষ্টল ভাৰা আৰু অন্যান্য খা-খৰচৰ টকাখিনিয়ে ঘূৰি নাহিল। লাভ কৰা দূৰৰে কথা’- এজন গ্ৰন্থ বিক্ৰেতাই তেওঁৰ হতাশা প্ৰকাশ কৰিলে এইদৰে। বিশেষকৈ শেষৰফালে পৰা সৰু সৰু ষ্টলবোৰত সোমোৱাৰ ক্ষেত্ৰত গ্ৰন্থপ্ৰেমীৰ অনীহা দেখা গ’ল প্ৰায় আটাইকেইদিনতে। আনকি শনি আৰু দেওবাৰকেইটাতো, যিকেইটা দিনত সাধাৰণতে উপস্থিত গ্ৰন্থপ্ৰেমীৰ সংখ্যা আশা কৰা ধৰণৰ আছিল, সেইবোৰ ষ্টলত বিক্ৰীৰ হাৰ তেনেই কম আছিল। বাতৰিকাকত আৰু অন্যান্য সংবাদ মাধ্যমত এইবাৰৰ উত্তৰ-পূব গ্ৰন্থমেলাত গ্ৰন্থৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰা বুলি প্ৰকাশ পোৱা খবৰ সম্পৰ্কত সোধাত এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে কয়- ‘এইটো বাতৰি একপক্ষীয়। তেওঁলোকে কেৱল প্ৰথমৰ ফালে পৰা ডাঙৰ ডাঙৰ ষ্টল লোৱা গ্ৰন্থ ব্যৱসায়ীসকলৰ ওপৰত সমীক্ষা চলায়ে এনেকুৱা বাতৰি পৰিৱেশন কৰিছে বুলি ধাৰণা হয়। কাৰণ সামগ্ৰিকভাৱেই এইবাৰ গ্ৰন্থপ্ৰেমীৰ উপস্থিতি কম আৰু সেইবাবে বিক্ৰীও কম।’ এটা গ্ৰন্থ প্ৰকাশক গোষ্ঠীৰ স্বত্ত্বাধিকাৰীজনে কয়। এই ভাষ্যৰ বিপৰীতে আয়োজক সংস্থাটোৱে আজি এইবাৰৰ গ্ৰন্থমেলা সৰ্বতোপ্ৰকাৰে সফল বুলি দাবী কৰে। তেওঁলোকে গ্ৰন্থ বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ হোৱা বুলিও দাবী কৰে।
১৯ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ সামৰণি
-
By NE NOW NEWS
- Categories: অসম, ভাষা-সাহিত্য
Related Content
চৰকাৰী কৰ্মচাৰীৰ বোজা ল’ব নোৱাৰে ৰাজ্য চৰকাৰে : চাকৰি হেৰুৱাব কৃষি বিভাগৰ ৩৫০ জন কৰ্মচাৰীয়ে
By
May 19, 2024 10:04 pm
ব্লেকত বিক্ৰী হৈছে আই পি এলৰ টিকট বিক্ৰী : কলা বজাৰৰ লগত জড়িত আছে কিশোৰ
By
May 19, 2024 6:19 pm
ভূ-লুণ্ঠিত মানৱতা! ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে
By
May 19, 2024 4:05 pm
সোমবাৰে পঞ্চম পৰ্যায়ত ৪৯টা সমষ্টিত ভোটগ্ৰহণ; দৃষ্টি আকৰ্ষণ কৰা কোন কোন তাৰকা প্ৰাৰ্থী?
By
May 19, 2024 3:10 pm
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
May 19, 2024 1:03 pm