১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত বেতন বঞ্চিত শিক্ষকসকলক চৰকাৰে কেৱল তদন্তৰ নামত ২৮ বছৰে প্ৰতাৰণা কৰি আহিছে। যোৱা ১৮ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক ৰাজ্যখনৰ বেতন বঞ্চিত শিক্ষকসকলৰ সমস্যাটোৰ স্থায়ী সমাধান কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু উক্ত নিৰ্দেশৰ পাছত বৰ্তমানৰ শিক্ষামন্ত্ৰীজনে এইসকল শিক্ষকৰ ভিতৰত যিসকল শিক্ষকৰ গোচৰ অৱমাননাৰ গোচৰ ন্যায়ালয়ত চলি আছে, সেই গোচৰৰ অহা ১৮ জুলাইত নিষ্পতি হোৱাৰ পাছতহে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে। শেহতীয়াকৈ শিক্ষামন্ত্ৰীৰ এনে স্থিতিত চিন্তিত হৈ পৰিছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত শিক্ষক সন্থা।
এই সন্দৰ্ভত সন্থাই জানিবলৈ দিছে যে যোৱা ১৮ জুনত নিষ্পত্তি হোৱা গোচৰত সামগ্ৰিকভাৱে ১৮ জুলাইত শুনানি হ’বলগীয়া সকলো শিক্ষক জড়িত হৈ আছে। সন্থাই চৰকাৰক এই সমস্যাটোৰ স্থায়ী সমাধানৰ প্ৰতি তাৎক্ষণিকভাৱে গুৰুত্ব দি শিক্ষকসকলৰ আৰু ধৈৰ্যৰ পৰীক্ষা নলৈ জুলাই মাহৰ ভিতৰত স্থায়ী সমাধান কৰিবলৈ আহ্বান জনায়। অন্যথা অহা ১ আগষ্টৰ পৰাই অতি ভয়ংকৰ গণতান্ত্ৰিক আন্দোলনত নামি পৰিব বুলি সকীয়নি দিছে সন্থাই।
তদুপৰি সন্থাই সকীয়াই দিয়ে যে চৰকাৰে যদি জুলাই মাহৰ ভিতৰত সমস্যাটোৰ সমাধান নকৰে তেতিয়াহ’লে ইয়াৰ বাবে শিক্ষকসকলে যি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’ব তাৰ বাবে চৰকাৰ দায়বদ্ধ হ’ব।
এই সন্দৰ্ভত অহা ৮ জুলাইত দিনৰ ১০ বজাত গুৱাহাটীৰ প্ৰাথমিক শিক্ষক ভৱনত এখন প্ৰতিনিধিত্বমূলক গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা বুলি জানিবলৈ দি উক্ত সভাত ৰাজ্যখনৰ কেইবাটাও জাতীয় সংগঠনৰ বিষয়ববীয়া, কেইবাজনো শিক্ষাবিদ, বুদ্ধিজীৱীৰ লগতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।