• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩০ জুনৰ ভিতৰত দাবী পূৰণ নকৰিলে ১ জুলাইৰ পৰা পুনৰ কৰ্মবিৰতি আৰম্ভ কৰিব নাৰ্ছ সন্থাই

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2018 9:07 am
All-Assam-Nurses-Association-Protest-in-Guwahati-570x320

সদৌ অসম নাৰ্ছ সন্থৰ প্ৰতিবাদী কাৰ্যসূচী। ফাইল ফটো

122
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম নাৰ্ছ সন্থাই তেওঁলোকৰ দাবীসমূহৰ সমৰ্থনত পুনৰ আন্দোলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। অলপতে অনুষ্ঠিত হৈ যোৱা সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাত ৰাজ্য চৰকাৰে  চৰকাৰী চিকিৎসালয় সমূহত কৰ্মৰত নাৰ্ছসকলৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বিষয়টোত তীব্ৰ অসুন্তুষ্টি প্ৰকাশ কৰে।

ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে চৰকাৰে ঘোষণা কৰা সপ্তম দৰমহা আয়োগৰ প্ৰকাশিত আৰ অ’ পি খনত জি এন এম সকলৰ বাবে ব্যৱহাৰ হৈ থকা ষ্টাফ নাৰ্ছ পদবীৰ (designation ) বিলুপ্তি ঘটোৱাৰ লগতে গ্ৰে’ড পে’ৰ ক্ষেত্ৰতো ব্যাপক বিসংগতি ঘটোৱা হৈছে বুলি সন্থাই অভিযোগ আনিছে।

নাৰ্ছ সন্থাৰ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰিছে যে এই গ্ৰে’ড পে’ আৰু পদবীৰ সমস্যটোৰ যি আসোঁৱাহ দেখা গৈছে সেই সম্পৰ্কে সদৌ অসম নাৰ্ছ সন্থাই অৱগত কৰি সংশোধনৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া আসোঁৱাহ কমিটীৰ ওচৰত বিগত বৰ্ষৰ ৫ জুলাইতে আৱেদন দাখিল কৰিছিল।

উক্ত বিষয়টো নিস্পত্তি কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত ইতিমধ্যে সন্থাই  কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।

আনহাতে, বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো চৰকাৰী পক্ষই সন্থাৰ দাবীসমূহৰ ৰূপায়নৰ প্ৰতি কোনো আগ্ৰহ দেখুওৱা নাই। তদুপৰি, চৰকাৰে প্ৰকাশ কৰা আসোঁৱাহ কমিটীৰ প্ৰতিবেদনত সন্থাৰ দাবীসমূহৰ সম্পৰ্কত কোনো উল্লেখ নথকাত নাৰ্ছ সন্থা ক্ষুব্ধ হৈ পৰিছে।

অসম চৰকাৰে প্ৰয়োজন অনুসৰি নাৰ্ছ নিযুক্তি নিদি কম সংখ্যক নাৰ্ছৰ ওপৰত অধিক কামৰ বোজা জাপি দি চিকিৎসালয়সমূহ চলাই আছে বুলিও সন্থাই অভিযোগ তুলিছে।

নাৰ্ছ সন্থাই গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে অহা ৩০ জুনৰ ভিতৰত যদি ৰাজ্য চৰকাৰে নাৰ্ছসকলৰ দাবীসমূহ পূৰণ নকৰে তেন্তে ১ জুলাইৰ পৰা সন্থাই ৰাজ্যজুৰি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰম্ভ কৰিব বুলি জানিব দিছে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd