সদৌ অসম নাৰ্ছ সন্থাই তেওঁলোকৰ দাবীসমূহৰ সমৰ্থনত পুনৰ আন্দোলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। অলপতে অনুষ্ঠিত হৈ যোৱা সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাত ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসালয় সমূহত কৰ্মৰত নাৰ্ছসকলৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বিষয়টোত তীব্ৰ অসুন্তুষ্টি প্ৰকাশ কৰে।
ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে চৰকাৰে ঘোষণা কৰা সপ্তম দৰমহা আয়োগৰ প্ৰকাশিত আৰ অ’ পি খনত জি এন এম সকলৰ বাবে ব্যৱহাৰ হৈ থকা ষ্টাফ নাৰ্ছ পদবীৰ (designation ) বিলুপ্তি ঘটোৱাৰ লগতে গ্ৰে’ড পে’ৰ ক্ষেত্ৰতো ব্যাপক বিসংগতি ঘটোৱা হৈছে বুলি সন্থাই অভিযোগ আনিছে।
নাৰ্ছ সন্থাৰ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰিছে যে এই গ্ৰে’ড পে’ আৰু পদবীৰ সমস্যটোৰ যি আসোঁৱাহ দেখা গৈছে সেই সম্পৰ্কে সদৌ অসম নাৰ্ছ সন্থাই অৱগত কৰি সংশোধনৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া আসোঁৱাহ কমিটীৰ ওচৰত বিগত বৰ্ষৰ ৫ জুলাইতে আৱেদন দাখিল কৰিছিল।
উক্ত বিষয়টো নিস্পত্তি কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত ইতিমধ্যে সন্থাই কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।
আনহাতে, বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো চৰকাৰী পক্ষই সন্থাৰ দাবীসমূহৰ ৰূপায়নৰ প্ৰতি কোনো আগ্ৰহ দেখুওৱা নাই। তদুপৰি, চৰকাৰে প্ৰকাশ কৰা আসোঁৱাহ কমিটীৰ প্ৰতিবেদনত সন্থাৰ দাবীসমূহৰ সম্পৰ্কত কোনো উল্লেখ নথকাত নাৰ্ছ সন্থা ক্ষুব্ধ হৈ পৰিছে।
অসম চৰকাৰে প্ৰয়োজন অনুসৰি নাৰ্ছ নিযুক্তি নিদি কম সংখ্যক নাৰ্ছৰ ওপৰত অধিক কামৰ বোজা জাপি দি চিকিৎসালয়সমূহ চলাই আছে বুলিও সন্থাই অভিযোগ তুলিছে।
নাৰ্ছ সন্থাই গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে অহা ৩০ জুনৰ ভিতৰত যদি ৰাজ্য চৰকাৰে নাৰ্ছসকলৰ দাবীসমূহ পূৰণ নকৰে তেন্তে ১ জুলাইৰ পৰা সন্থাই ৰাজ্যজুৰি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰম্ভ কৰিব বুলি জানিব দিছে।