১ মাৰ্চৰ পৰা জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ আয়োজন

প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

অহা ১ৰ পৰা ৪ মাৰ্চলৈকে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্ম আৰু সম্প্ৰদায় নিৰ্বিশেষে সকলো লোকৰ সহযোগিতাৰে বাৰেচহৰীয়া ভাওনা মহোৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

২২০ বছৰীয়া ঐতিহ্যমণ্ডিত এই ভাওনা মহোৎসৱক সৰাংগ সুন্দৰ ৰূপত উদযাপনৰ বাবে প্ৰস্তুতি সম্পুৰ্ণ কৰি তোলা হৈছে বুলি স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঠিত আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

এইবাৰৰ মহোৎসৱত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং, নতুন দিল্লীৰ সংগীত নাটক একাডেমীৰ সভাপতি শ্বেখৰ সেন, ৰাষ্ট্ৰীয় গ্ৰন্থ পৰিষদৰ সঞ্চালিকা ড০ ৰীতা চৌধুৰী, ৰাজ্যপাল জগদীশ মুখী, মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱাল, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ উপৰি ৰাজ্যখনৰ কেইবাগৰাকী মন্ত্ৰীৰ লগতে বহু উচ্চ পদস্থ  বিষয়াই অংশগ্ৰহণ কৰিব।

১ মাৰ্চৰ পুৱা ৯.৩০ বজাত খাদৈচুক গাঁৱৰ পৰা ভাওনা ক্ষেত্ৰলৈ উলিওৱা এক বৰ্ণাট্য শোভাযাত্ৰাৰ পিছতে উদযাপন সমিতিৰ সভাপতি বিধায়ক পদ্ম হাজৰিকাই ভাওনা ক্ষেত্ৰ উন্মোচন কৰিব। বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব লগীয়া প্ৰথম দিনটোত  শোণিতপুৰ জিলাৰ উপাযুক্ত মনোজ কুমাৰ ডেকা  আৰু বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজজ্যোতি কলিতাই অংশগ্ৰহণ কৰিব।

মহোৎসৱৰ দ্বিতীয় দিনা উপস্থিত থাকিবলগীয়া গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাজ্যপাল জগদীশ মুখীক উদযাপন সমিতিৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। উক্ত দিনটোতে সংগীত নাটক একাডেমী বটাঁপ্ৰাপক যতীন গোস্বামীয়ে শোণিতকোঁৱৰ গজেন বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব।ইয়াৰোপৰি অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণত নিৰ্মাণ কৰি উলিওৱা শ্বহীদ বেদী উন্মোচন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই।

আনহাতে সন্ধিয়া ৭ বজাত মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালে বাৰেচহৰীয়া ভাওনা উদ্বোধন কৰিব। অনুষ্ঠানটোত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী,  স্বাস্থ্য, শিক্ষা আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিৰ মন্ত্ৰী নৱ দলে আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হূষিকেশ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

৪ মাৰ্চত বাৰেচহৰীয়া ভাওনাৰ বিশিষ্ট শিল্পীসকলক সম্বৰ্ধনা আৰু বটাঁ বিতৰণী অনুষ্ঠান আয়োজন কৰা হ’ব। উক্ত দিনা সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব  নতুন দিল্লীৰ সংগীত নাটক একাডেমী সভাপতি শ্বেখৰ সেনে।