২০১৯ ত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটীৰ ৰ’পৱে’ প্ৰকল্প

বহু প্ৰতিক্ষিত গুৱাহাটীৰ প্ৰস্তাৱিত যাত্ৰীবাহী ৰ’পৱে’ প্ৰকল্প ২০১৯ ত সম্পূৰ্ণ হৈ উঠিব। মহানগৰীৰৰ উত্তৰ আৰু দক্ষিণ পাৰ দুটাক সংযোগ কৰিব লগীয়া প্ৰকল্পটোৰ আধাৰশিলা ২০০৯ চনৰ ৪ ডিচেম্বৰতে স্থাপন কৰা হৈছিল যদিও ২০১১ চনত প্ৰকল্পটোৰ কাম স্থগিত হৈ পৰে। অৱশ্যে ২০১৬ চনৰ পৰা পুনৰ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। উল্লেখযোগ্য যে ১.৮ কি. মি. দৈৰ্ঘ্যৰ ৰ’পৱে’টোৰ দক্ষিণ মূৰটো কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত স্থাপন কৰাৰ বিপৰীতে উত্তৰ মূৰটো থাকিব দ’ল গোবিন্দ মন্দিৰৰ পিছফালে থকা এটা সৰু পাহাৰৰ টিলাত। সমীৰ দামোদৰ ৰ’পৱে’ প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰি থকা ৰ’পৱে’ প্ৰকল্পটোত যাত্ৰী কঢ়িওৱা দুটা কেবিন থকাৰ লগতে প্ৰতিটো কেবিনটে ৩০ জনকৈ যাত্ৰী উঠিব পাৰিব। মন কৰিব লগীয়া যে বিভিন্ন কাৰণ বশত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছিল যদিও নতুন চৰকাৰখন আহিয়েই ৰ’পৱে’টোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰা পৰিলিক্ষিত হয়।