২০২০ৰ ভিতৰত লামডিঙলৈ দ্বৈত ৰে’লপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব: ৰে’ল ব’ৰ্ডৰ অধ্যক্ষ

ৰে’ল ব’ৰ্ডৰ অধ্যক্ষ অশ্বনী লোহানি

ৰে’ল ব’ৰ্ডৰ অধ্যক্ষ অশ্বনী লোহানি

অহা দুবছৰৰ ভিতৰত নিউ জলপাইগুৰিৰ পৰা গুৱাহাটী হৈ লামডিঙলৈ স্থাপন হ’বলগীয়া দ্বৈত ৰে’লপথৰ কাম সম্পূৰ্ণ হৈ উঠিব। বুধবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত অনুষ্ঠিত এখন সংবাদমেলত এই ঘোষণা ভাৰতীয় ৰে’ল ব’ৰ্ডৰ অধ্যক্ষ অশ্বনী লোহানিৰ।

দ্বৈত ৰে’লপথ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে বুলি জানিবলৈ দিয়া লোহানিয়ে ২০২০ চনৰ ভিতৰত নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ  ৰে’লপথৰ বৈদ্যুতিকীকৰণৰ কামো সম্পূৰ্ণ হ’ব বুলি প্ৰকাশ কৰে।

দ্বৈত ৰে’লপথৰ সমান্তৰালকৈ বৈদ্যুতিকীকৰণৰ কামো যুদ্ধংদেহিভাৱে চলাই অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দ্বৈত ৰে’লপথৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈ অসমত নতুন ৰে’ল প্ৰদান কৰাৰ পৰিকল্পনা নাই।

আনহাতে বগীবিল দলঙৰ নিৰ্মাণকাৰ্য চূড়ান্ত পৰ্যায়ত আছে বুলি জানিবলৈ দি জুন মাহৰ ভিতৰত বগীবিল দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলিও ঘোষণা কৰে ৰে’ল ব’ৰ্ডৰ অধ্যক্ষগৰাকীয়ে। ইয়াৰোপৰি গুৱাহাটী ৰে’লৱে ষ্টেচনৰ উন্নয়নৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যতো ৰে’লপথ নিৰ্মাণৰ কাম চলি আছে বুলি জনাই কয় যে ইম্ফললৈ ৰে’লপথ নিৰ্মাণৰ কাম ২০২০ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে যদিও অৰ্থনৈতিক অৱৰোধৰ ফলত এইবাৰ প্ৰকল্পৰ কাম ক্ষতিগ্ৰস্ত হৈছে। একেদৰে মেঘালয়তো মাটি অধিগ্ৰহণৰ বাবে প্ৰকল্পৰ কাম আগবঢ়োৱাত জটিলতাৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে উত্তৰ-পূব সীমান্ত ৰেলৱেত বৰ্তমান ৫৪,০০০ কোটি টকাৰ প্ৰকল্পৰ কাম চলি আছে।