২০২১চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব কৃষক নেতা অখিল গগৈ

কৃষক নেতা অখিল গগৈ

অখিল গগৈ : ফাইল ফটো

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুৰব্বী অখিল গগৈয়ে পৰৱৰ্তী অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰিব বুলি সোমবাৰে এক বিশেষ শুত্ৰৰ পৰা জানিব পৰা গৈছে। জানিব পৰা  অনুসৰি এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যখনত এক সমীক্ষা চলাব আৰু এই সমীক্ষাৰ জৰিয়তে পূৰ্বৰ নামেই বাহাল ৰাখিব নে নতুনকৈ কোনো ৰাজনৈতিক নামাকৰণ কৰিব সেয়া পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰিব।

উল্লেখযোগ্য যে অসমত বিধানসভা নিৰ্বাচন ২০২১চনত অনুষ্ঠিত হ’ব। তদুপৰি শিৱসাগৰ জিলাৰ মৰাণত অনুষ্ঠিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিৱেশনত ২০১৫চনৰ ২০ মাৰ্চ তাৰিখে গণমুক্তি সংগ্ৰাম নামৰ এটা ৰাজনৈতিক দলৰ গঠন কৰিছিল। কিন্তু দলটোৱে নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰাৰ পৰা বিৰত আছিল।

সোমবাৰে এটা সংবাদমাধ্যমৰ আগত কয় যে নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ বাহিৰে কোনো তৃতীয় শক্তিৰ লগত মিত্ৰতা কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ চিন্তা চৰ্চা কৰিব।

‘আমি এতিয়া প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰিম। কিয়নো প্ৰত্যক্ষ ৰাজনীতি অবিহনে আমি বিজেপিৰ সাম্প্ৰদায়িক ফেচিবাদৰ বিৰোধীতা কৰিব নোৱাৰিম’। এই বুলি মন্তব্য কৰে কৃষক নেতাজনে।

তেওঁ লগতে কয় যে জেলৰ পৰা মুক্তি পোৱাৰ পিছদিনাখনে অৰ্থাৎ ২৮ ডিচেম্বৰৰ দিনা কাৰ্যকৰী সমিতিৰ লগত হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰ উপৰি দলটোৱে বিশষকৈ দুটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব, এটা হ’ল ফেচিবাদৰ বিৰোধিতা আৰু ৰাজ্যযুৰি ৰাজনৈতিক মৰ্চা সম্প্ৰসাৰিত কৰাৰ চেষ্টা কৰা।

স্মৰ্তব্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা গগৈ ১০৫দিন কাৰাগাৰত বন্দী হৈ থকাৰ পিছত ২৭ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিছিল। কৃষক নেতাজন যোৱা বছৰৰ ১৫ ছেপ্তেম্বৰ তাৰিখে ডিব্ৰুগড় আৰক্ষীয়ে বন্দুক তুলি লোৱাৰ দৰে উচটনিমূলক মন্তব্য কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে গগৈৰ ওপৰত থকা গোচৰ খাৰিজ কৰে।

লক্ষণীয় যে জানুৱাৰিৰ ৯ তাৰিখে গুজৰাটৰ নেতা জিগনেশ মেৱানীৰ উদ্যাগত চলা ৰেলীত অসমৰ কৃষক নেতাজনেও অংশগ্ৰহণ কৰিছিল।