২১ ফেব্ৰুৱাৰিৰ ভিতৰত মাইবাং কাণ্ডৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশৰ দাবী ডিমা হাচাওৰ ৫ টাকৈ সংগঠনৰ

মাইবাং

মাইবাং কাণ্ডৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ বাবে শেহতীয়াকৈ চৰকাৰক সময়সীমা বান্ধি দিছে ডিমা হাচাও জিলাৰ পাঁচটাকৈ সংগঠনে।

শুকুৰবাৰে হাফলঙত এখন সংবাদমেল পাতি ডিমাচা এপেক্স বডি জাদিখে নাইশ্ব’ হচ’মৰ সভাপতি কল্যাণ দাওলাগুপুৰ লগতে ডিমাচা ষ্টুডেণ্ট ইউনিয়নৰ সাধাৰণ সচিব প্ৰমিত চেঙগুইনে কয় যে মাইবাঙত যোৱা ২৫ জানুৱাৰীত  আৰক্ষীৰ গুলী চালনাৰ ঘটনাক লৈ চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ লগতে ৬ ফেব্ৰুৱাৰি তদন্তৰ কাৰণে মাইবাঙত উপস্থিত হৈ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলালে ৰাজহুৱা শুনানি গ্ৰহণ কৰিছিল।

মন কৰিবলগীয়া যে শুনানি গ্ৰহণ কৰা একমাহ অতিক্ৰম কৰাৰ পিছতো বৰ্তামানলৈকে তদন্তৰ প্ৰতিবেদন অহা নাই।

এনে পৰিস্থিতিত চৰকাৰে অহা ২১ ফেব্ৰুৱাৰিৰ ভিতৰত যদি তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাত ব্যৰ্থ হয় তেনে হ’লে জেএনএইচৰ লগতে ডিএছইউ আডছুকে ধৰি ডিমাচা মাদাৰ্চ এচ’চিয়েছন আৰু ডিমাচা উইমেন ছচাইটিয়ে তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি জানিব পৰা গৈছে।

ইফালে মাইবাং কাণ্ডৰ পাছত অভিযুক্ত জিলা উপায়ুক্ত দেবজ্যোতি হাজৰিকা আৰু আৰক্ষী অধীক্ষক অঙ্কুৰ জৈনক ততালিকে পাহাৰীয়া জিলাৰ পৰা বেলেগ জিলালৈ বদলি কৰা হয়।

উল্লেখযোগ্য যে মাইবাঙত ২৫ জানুৱাৰিত নাগালিমত পাৰ্বত্য ডিমা হাচাও জিলাক অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত ১২ ঘন্টীয়া ডিমা হাচাও জিলা বন্ধক লৈ মাইবাঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। যত ৰে’ল অৱৰোধক কেন্দ্ৰ কৰি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ হয় আৰু পিছত আৰক্ষীৰ গুলীত দুই প্ৰতিবাদকাৰী নিহত হোৱাৰ বিপৰীতে একাধিক প্ৰতিবাদকাৰী আহত হৈছিল।