NORTHEAST NOW (Assamese)

২২ এপ্ৰিলত কংগ্ৰছৰ মহানগৰ জিলা সমিতিৰ উদ্যোগত ৰঙালী বিহু

April 21, 2018 2:56 pm · এন ই নাও নিউজ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত  ২২ এপ্ৰিল দেওবাৰে গুৱাহাটীৰ দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্স প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপনৰ আয়োজন কৰিছে ।

দেওবাৰে ৰাতিপুৱা ৯ বজাত বিহুৰ পতাকা উত্তোলন কৰিব অসম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰিব বিহু সমিতিৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন  বৰঠাকুৰে।

দিনৰ ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন। বিয়লি ৫ বজাত কেইবা গৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হ’ব।

সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাই। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাবে গীত পৰিবেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা আৰু মৌচম গগৈয়ে ।

সকলোৰে সহযোগিতা আৰু উপস্থিতিৰে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে বিহু সমিতিৰ সভাপতি ৰমেন বৰঠাকুৰে।

Related News