NORTHEAST NOW (Assamese)

২২ এপ্ৰিলত গুৱাহাটীত ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ৰ অডিশ্যন

April 21, 2018 2:28 pm · এন ই নাও নিউজ

সৰু পৰ্দাৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ৰ অডিশ্যন অহা ২২ এপ্ৰিলত অৰ্থাৎ কাইলৈ গুৱাহাটীৰ খানাপাৰাস্থিত নেৰিম গ্ৰুপ অৱ ইনষ্টিটিউটত অনুষ্ঠিত হ’ব।এই তথ্য প্ৰকাশ কৰে ৰিয়েৰিটি শ্ব’টোৰ শীৰ্ষ বিষয়ববীয়াসকলে।

উল্লেখযোগ্য যে অডিশ্যনত কেৱল ৫-১৪ বছৰৰ অনুৰ্ধ্বসকলেহে অংশগ্ৰহণ কৰিব পাৰিব।অডিশ্যনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী সকলে ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ৰ ৱেবছাইটট লগঅনৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব।

ইজেল প্ৰডাকশ্যনৰ বেনাৰত জি টিভিয়ে প্ৰচাৰ কৰিবলগীয়া এই ৰিয়েলিটি শ্ব’টোৰ জৰিয়তে উদীয়মান সম্ভৱনাই এখন নতুন মঞ্চ লাভ কৰিব বুলি আশা কৰা হৈছে।

‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ প্ৰথমবাৰৰ বাবে ২০১৩ চনত সম্প্ৰচাৰিত হৈছিল।ইতিমধ্যে নেৰিম কৰ্তৃপক্ষই কাইলৈৰ অডিশ্যনৰ বাবে যাৱতীয়া সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে ৰিয়েলিটি শ্ব’টোৰ আয়োজক সকলে।

 

 

Related News