NORTHEAST NOW (Assamese)

২৪ ঘণ্টীয়া তিনিচুকীয়া জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

December 14, 2017 10:35 am · এন ই নাও নিউজ ব্যুৰো

বৰডুমচাৰ ঘটনাৰ প্ৰতিবাদত আজি সদৌ মৰাণ ছাত্ৰ সন্থাই আহ্বান জনোৱা ২৪ ঘণ্টীয়া তিনিচুকীয়া জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে। বন্ধৰ ফলত জিলাখনৰ স্কুল, কলেজ, বেংক আদিকে ধৰি অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকে। বন্ধৰ সমৰ্থকে দুৰ্বৃত্তক অতি সোনকালে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। বন্ধৰ কিছু সংখ্যক সমৰ্থকে ডিগবৈৰ ৰাজপথত টায়াৰ জ্বলায়ো প্ৰতিবাদ কৰা দেখা গ’ল । উল্লেখষোগ্য ষে যোৱা ১১ ডিচেম্বৰ গধূলি ৮ বজাত তিনিচুকীয়া জিলাৰ বৰডুমচাৰ সোণজান গাৱঁৰ নিৱাসী অন্তেশ্বৰ মহন্তক আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তক আলফা (স্বা­)ই ঘৰতে গুলীয়াই হত্যা কৰিছিল। আজি তাৰ প্ৰতিবাদতে আৰু লগতে চৰকাৰে সাধাৰণ লোকক সুৰক্ষা দিয়াৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই এই বন্ধটোৰ আহ্বান জনাইছিল। আনহাতে অভিযোগ মতে আজি প্ৰতিবাদকাৰীৰ একাংশ লোকে ৰাজপথত কেইবাখনো চলন্ত বাহনলৈ শিলগুটি নিক্ষেপ কৰাত পাঁচখনৰো অধিক বাহনৰ ক্ষতি হয় বুলি জানিব পৰা গৈছে। এজন ৰিক্সা চালককো প্ৰতিবাদকাৰীয়ে গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।

আনহাতে আলফা (স্বা­)ই ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছত পেট্ৰিয়টীক পীপলছ অব আসামে আলফাৰ এই অমানৱীয় কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু প্ৰশাসনক কঠোৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

Related News