২ ফেব্ৰুৱাৰিৰপৰা ১১ সংখ্যক মনিপুৰ বিধানসভাৰ পূৰ্ণাংগ বাজেট অধিৱেশন আৰম্ভ

মনিপুৰী মুখ্যমন্ত্ৰী এন বীৰেণ সিং

১১ সংখ্যক মনিপুৰ বিধানসভাৰ পূৰ্ণাংগ বাজেট অধিৱেশন খন অহা ২ ফেব্ৰুৱাৰিৰপৰা অনুষ্ঠিত হ’ব। ৰাজ্যিক কেবিনেটে কিছুদিন পূৰ্বে এই সিদ্ধান্ত লয়।

বিভাগীয় সূত্ৰই জনোৱা অনুসৰি মুখ্য মন্ত্ৰী এন বিৰেন সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে ৰাজ্যিক নিৰীক্ষণ বিভাগক নিৰীক্ষণ আৰু দুৰ্নীতি প্ৰতিৰোধ বিভাগৰূপে পুনৰ গঠনৰ এক সিদ্ধান্ত গ্ৰহণ কৰে।

বিভাগটোৰ বৰ্তমান এটা দুৰ্নীতি প্ৰতিৰোধ সংস্থা থাকিব আৰু ই মুখ্য সচিব তথা নিৰীক্ষণ আ্য়ুক্তৰ প্ৰত্যক্ষ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত একক ফাইল ব্যৱস্থা হিচাপে পৰিচালিত হ’ব।

সূত্ৰটোৱে জনোৱা অনুসৰি এতিয়াৰেপৰা আৰক্ষী আস্থান (দুৰ্নীতি প্ৰতিৰোধ) হিচাপে কাম কৰিবলগীয়া আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় (নিৰীক্ষণ আৰু দুৰ্নীতি প্ৰতিৰোধ)ৰ সমগ্ৰ মণিপুৰৰ ওপৰতে বিধিগত ক্ষমতা থাকিব।

দুৰ্নীতি প্ৰতিৰোধ সংস্থাটোৱে হাতে লোটে ধৰা, অজোখা সম্পত্তি, চৰকাৰী পুঁজি অপব্যৱহাৰ আৰু কাৰ্য্যালয়ৰ অপব্যৱহাৰ আদি গোচৰসমূহ প্ৰধান্কৈ চোৱাচিতা কৰিব। সংস্থাটোত এগৰাকী অধীক্ষক, দুগৰাকী অতিৰিক্ত অধীক্ষক, আঠগৰাকী উপ অধীক্ষক, ২২ গৰাকী পৰিদৰ্শক, ১৪ গৰাকী উপ পৰিদৰ্শক আৰু ২২ গৰাকী কনিষ্টবল থাকিব।

মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এই বৈঠক খনত কৰ্ম মন্ত্ৰী বিশ্বজিত, উপভোক্তা পৰিক্ৰমা মন্ত্ৰী কৰম শ্যাম, বন মন্ত্ৰী শ্যামকুমাৰ, জনজাতি পৰিক্ৰমা মন্ত্ৰী কায়িচি, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী দিখো, কৃষি মন্ত্ৰী হাংখালিয়ান আৰু সমাজ কল্যাণ মন্ত্ৰী কিপ্গেনে অংশগ্ৰহণ কৰে।

তাৰোপৰি এই বৈঠকতে নতুনকৈ চৰকাৰী পলিটেক্নিক সাজিবৰ বাবে চান্দেল আৰু তামেনগ্লঙত প্ৰত্যক্ষভাৱে মাটি কিনি লোৱা প্ৰস্তাৱটোৱো গৃ্হীত হয়।

কেবিনেটখনে লগতে প্ৰধান মন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনত এবছৰৰ বাবে এটা ৰাজ্যিক পৰ্য্যায়ৰ আৰু ৭ টা নগৰ পৰ্য্যায়ৰ কাৰিকৰী বিভাগ গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰে।

এই কাৰিকৰী বিভাগসমূহৰ বিশেষজ্ঞ নিযুক্তিৰ প্ৰক্ৰিয়া পৰিচালনা কৰিবা মণিপুৰ নগৰ উন্নয়ন সংস্থাই। ইয়াৰ বাবে কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ে অনুমোদন জনোৱা সক্ষমতা নিৰ্মাণ আঁচনি অনুসৰি মাননি আগবঢ়োৱা হ’ব।