বাংগালুৰু এফ চিৰ হাতত ২-১ গ’লৰ ব্যৱধানত পৰাস্ত নৰ্থ-ইষ্ট ইউনাইটেড

বাংগালুৰু এফ চি

চলিত চতুৰ্থ হিৰো ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল) ফুটবল প্ৰতিযোগিতাৰ শুকুৰবাৰে বাংগালুৰুৰ শ্ৰী কান্তীৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয় লেগৰ খেলত ঘৰুৱা দল বাংগালুৰু এফ চিয়ে নৰ্থ-ইষ্ট ইউনাইটেডক ২-১গ’লত পৰাস্ত কৰে।

নৰ্থ-ইষ্টক হৰুৱাই বাংগালুৰু এফ চিয়ে পুনৰ চতুৰ্থ সংস্কৰণৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে কালিৰ খেলখনত বাংগালুৰুৱে খেলৰ ১৪ আৰু ৫১ মিণিটত গ’ল কৰে।

আনহাতে প্ৰথমাৰ্ধৰ খেলতে বাংগালুৰু এফ চিৰ ষ্ট্ৰাইকাৰ গাৰ্ছিয়াৰ দৰ্শনীয় ফ্ৰীকীকৰ সহায়ত জুৱানানে ঘৰুৱা দলটোক অগ্ৰগতি দিবলৈ সক্ষম হয়।

লক্ষ্যণীয় যে নৰ্থ-ইষ্টে প্ৰথমাৰ্ধৰ শেষৰ পিনে সমতা স্থাপন কৰে যদিও ঘৰুৱা দৰ্শকৰ অতিকৈ জনপ্ৰিয় খেলুৱৈ তথা ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে দ্বিতীয়াৰ্ধৰ খেলৰ ৫১ মিণিটত গ’ল কৰি নিজৰ দলক পুনৰ অগ্ৰগতি দিয়ে।

উল্লেখযোগ্য যে আলহী দল নৰ্থ-ইষ্টে খেলখনত যথেষ্ট সুযোগ লাভ কৰিছিল যদিও সুযোগৰ সদব্যৱহাৰ কৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ হ’ল।

বাংগালুৰু এফ চিৰ এই বিজয়ৰ সহায়ত ১২ খন খেলৰ পৰা মুঠ ২৪ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। বাংগালুৰু এফ চিয়ে বৰ্তমান পৰ্যন্ত আই এছ এলৰ লীগত ২৩টা গ’ল দিবলৈ সক্ষম হৈছে। আনহাতে সমসংখ্যক খেলৰ পৰা ২৩ পইণ্ট অৰ্জন কৰা চেন্নায়িন এফ চি আছে তালিকাৰ দ্বিতীয় স্থানত।