৩০০ কিঃ মিঃ বাট বুলি আমনি পাইছেহি ডিব্ৰুগড়ৰ দিবাকৰ বড়া ঠেঙাল

নাগৰিকত্ব আইন সংশোধন বিধেয়কৰ বিৰোধিতা আৰু ৰাজ্যত নাৰী সুৰক্ষাকে ধৰি ‘ৰাজ্যৰ ১৫ টা জ্বলন্ত সমস্যা’ সমাধানৰ দাবীত মুখ্য মন্ত্ৰীক লগ কৰিবলৈ ডিব্ৰুগড়ৰ পৰা খোজ কাঢ়ি আহি থকা দিবাকৰ বড়া ঠেঙাল আজি ১৩ এপ্ৰিলত নগাঁৱৰ আমনিত উপস্থিত হৈছে।

ধূতি-পাইজামা পিন্ধি আহি থকা যুৱকজনে আজি নিশাটো কলিয়াবৰ আমনিৰ এছ আৰ ডি কেন্দ্ৰত কটাব বুলি জনাইছে।

কলিয়াবৰত স্থানীয় বিভিন্ন লোকে যুৱকজনক আদৰণি আৰু পদযাত্ৰাৰ বাবে শুভকামনা জনায়।

কালি জখলাবন্ধাৰ আৱৰ্ত ভৱনত নিশাটো কটোৱা পদযাত্ৰীজনে আজি পুৱা ৯:৩০ মান বজাত জখলাবন্ধাৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কছিল। যাত্ৰাপথত আৰক্ষীয়ে যুৱকজনক সহযোগিতা আগবঢ়াইছে।

নাগৰিকত্ব আইন সংশোধন বিধেয়কৰ বিৰোধিতা আৰু ৰাজ্যত নাৰী সুৰক্ষাকে ধৰি ‘ৰাজ্যৰ ১৫ টা জ্বলন্ত সমস্যা’ সমাধানৰ দাবীৰে ডিব্ৰুগড়ৰ পৰা ৪৪৩ কিঃ মিঃ বাটকুৰি বাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক পত্ৰ দিবলে আহিছে নাহৰকটীয়াৰ যুৱকজন।

বড়া ঠেঙালে মুখ্য মন্ত্ৰীৰ পৰা সমাধান বিচৰা আন সমস্যা কিছুমান হ’ল অসম মহিলা বিশ্ববিদ্যালয়ৰ অচলাৱস্থাৰ অৱসান, শিক্ষা ব্যৱস্থাৰ উন্নীতকৰণ আৰু কম খৰচত উচ্চ শিক্ষাৰ ব্যৱস্থা, শস্যৰ উচিত মূল্য প্ৰদানেৰে খেতিয়কক সুৰক্ষা, যুৱপ্ৰজন্মক সহায়, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, মূল্য বৃদ্ধি ৰোধ, অসমৰ বাবে বিশেষ ৰাজ্যৰ মৰ্য্যাদা, আন্তঃৰাষ্ট্ৰীয় সীমান্ত চীল কৰা, বানক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা, তৈল ক্ষেত্ৰসমূহৰ ব্যক্তিগতকৰণ বাতিল, ক্ৰীড়াৰ বিকাশ, সাংবাদিক সুৰক্ষা, অসমীয়া চিনে’মা উদ্যোগৰ বিকাশ আৰু ৰাজ্যক ড্ৰাগছমুক্ত কৰা আদি।