৩০ জুলাইৰ ‘ঐতিহাসিক ক্ষণ’ৰ বহু পূৰ্বেই শিলচৰত ফাদিল এন আৰ চিৰ ‘গোপন’ খচৰা!

nrc

অসমবাসীৰ বাবে ‘ঐতিহাসিক ক্ষণ’ৰূপে পৰিচিত হোৱা এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ মুহূৰ্তৰ বহু পূৰ্বেই ফাদিল হৈ গৈছিল খচৰাৰ গোপন প্ৰতিলিপি!

খচৰাৰ পিডিএফ ফাইলটো প্ৰকাশৰ দিন যোৱা ৩০ জুলাইৰ বহু পূৰ্বেই বিয়পি পৰিছিল শিলচৰৰ বহু লোকৰ মাজত। খোদ কাছাৰ জিলাৰ উপায়ুক্তই শিলচৰৰে এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা এই তথ্য ফাদিল হোৱা বুলি নৰ্থ ইষ্ট নাও-ৰ আগত সন্দেহ প্ৰকাশ কৰিছে।

‘জিলা প্ৰশাসনৰ সন্দেহ হৈছে শিলচৰ সদৰ চক্ৰৰ এটা এন আৰ চি সেৱা কেন্দ্ৰই এই তথ্য ফাদিল কৰিব পাৰে আৰু আমি খুব সোনকালেই এই বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰিম,’ শিলচৰত নৰ্থ ইষ্ট নাও-ত মন্তব্য উপায়ুক্ত লক্ষ্মাননৰ।

শিলচৰৰ মধুৰবন্দৰ ৩০ নং এন আৰ চি সেৱা কেন্দ্ৰটোৰ ওপৰত নজৰ ৰখা হৈছে বুলিও উপায়ুক্তজনে লগতে জনায়।

এই ভয়ংকৰ অভিযোগটোৰ অহা ৪৮ ঘণ্টাৰ ভিতৰত সমগ্ৰ বিষয়টোৰ তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ ৩গৰাকীকৈ দণ্ডাধীশক কঠোৰ নিৰ্দেশ দিছে কাছাৰ জিলাৰ উপায়ুক্ত ড০ এচ লক্ষ্মাননে।

‘কামটো সম্পাদনৰ বাবে (তদন্তৰ বাবে) এগৰাকী এচিএচ বিষয়াৰ লগতে আন দুগৰাকী কাৰ্য্যবাহী দণ্ডাধীশক লৈ এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়া হৈছে আৰু পৰৱৰ্তী ৪৮ ঘণ্টাৰ ভিতৰত যাৱতীয় তথ্য সংগ্ৰহৰ বাবে কোৱা হৈছে,’ নৰ্থ ইষ্ট নাও-ক জনালে উপায়ুক্তজনে।

শিলচৰ সদৰ থানাত ইতিমধ্যে এই সন্দৰ্ভত এখন এফ আই আৰ দাখিল কৰা হৈছে।

উল্লেখযোগ্য যে মধুৰবন্দৰ ৰাজা ষ্ট’ৰ নামৰ এখন কম্পিউটাৰ দোকানত কালি মঙলবাৰে আৰক্ষীয়ে তালাচী চলাই ২টা কম্পিউটাৰ, ৫টা পে’ন ড্ৰাইভ জব্দ কৰি ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দোকানখনো চীল কৰি দিছে।

লক্ষণীয়ভাৱে দোকানখনৰ স্বত্বাধিকাৰী ৰাজা মজুমদাৰে ইতিমধ্যে আত্মগোপন কৰিছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।