৩০ মে’ৰ ভিতৰত শিক্ষক-কৰ্মচাৰীৰ দাবী পূৰণ কৰক, নহ’লে আন্দোলনত নামিম : বাসৱ কলিতা

basab kalita

চৰকাৰে শিক্ষক-কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া ন্যায্য দাবী পূৰণ কৰাৰ পৰিৱৰ্তে চৰম প্ৰতাৰণা কৰিছে। প্ৰজ্ঞাৰ পোহৰ বিলোৱা শিক্ষক সমাজৰ সমস্যাৰ ক্ষেত্ৰত চৰকাৰে অনীহা প্ৰকাশ কৰাটো দুৰ্ভাগ্যজনক। শিক্ষক সমাজৰ ন্যায্য দাবীসমূহ ৩০ মে’ৰ ভিতৰত পূৰণ নকৰিলে প্ৰয়োজন সাপেক্ষে ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।

দেওবাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই তেজপুৰত এই মন্তব্য কৰে।

উল্লেখ্য যে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰ গোটলুংস্থিত সূৰ্যোদয় উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ ২৮ সংখ্যক ৰাজ্যিক অধিৱেশন দেওবাৰে সামৰণি অনুষ্ঠানত বাসৱ কলিতা উপস্থিত থাকে।

শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যাৱলী সন্দৰ্ভত প্ৰদান কৰা ভাষণত বাসৱ কলিতাই পে’ কমিছনে নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো স্নাতক শিক্ষকৰ গ্ৰেড পে’ ৮৭০০ টকা প্ৰদানৰ বাবে আজিকোপতি ৰাজ্য চৰকাৰে কাৰ্যকৰী নকৰা, চৰকাৰী শিক্ষক-কৰ্মচাৰীক ২১ মাহৰ বকেয়া ধন আদায় নিদিয়া আৰু চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কৰ্মচাৰীসকলৰ লগতে পৰিয়ালক চিকিৎসা বীমা প্ৰদানৰ ব্যৱস্থা নকৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

দেওবাৰে অনুষ্ঠিত হোৱা মুকলি সভাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি কৃষ্ণকান্ত তালুকদাৰে। সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি কন্দৰ্প ডেকাই সভাপতিত্ব কৰা সভাত শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁৰ বক্তব্যত চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰ হাৰ কম হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰে।

শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে চৰকাৰক আনুষ্ঠানিকভাৱে অৱগত কৰাব বুলিও সদৰী কৰে। অভ্যৰ্থনা সমিতিৰ সভাপতি তথা এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই আদৰণি ভাষণ পাঠ কৰা অনুষ্ঠানটিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰেও ভাষণ প্ৰদান কৰে।

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক সন্থাৰ সদস্যসকলে শনিবাৰে নাম পঞ্জীয়ন কৰাৰ পাছত প্ৰতিনিধি শিবিৰ মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই। ইয়াৰ পাছতেই সংস্থাৰ মুখপত্ৰ ‘শিক্ষাজ্যোতি’ উন্মোচন কৰে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন প্ৰধান সম্পাদক শচীন্দ্ৰ বৈশ্যই আৰু অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা ‘দিক্‌ নিৰ্ণয়’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে।

ইফালে শনিবাৰে নিশাৰ ভাগলৈকে চলা বিষয় বাছনি সভাত আগন্তুক কাৰ্যকালৰ কাৰণে ৰাজ্যিক সমিতিখন গঠন কৰা হয়। সভাপতি কন্দৰ্প ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বিষয় বাছনি সভাত সৰ্বসন্মতি ক্ৰমে নগাঁৱৰ মুকুল বৰাক সভাপতি, শিৱসাগৰৰ কল্যাণ গগৈক উপ-সভাপতি, গুৱাহাটীৰ দ্বীপেন শৰ্মাক প্ৰধান সম্পাদক, নলবাৰীৰ ভয়নুৰ আহমেদ আৰু লক্ষীমপুৰৰ দুলাল শৰ্মাক সহকাৰী সম্পাদক, তেজপুৰৰ প্ৰবীণ কটকীক আলোচনী সম্পাদক হিচাপে লৈ আগন্তুক কাৰ্যকালৰ বাবে এখন শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰা হয়।

আনহাতে, দেওবাৰে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত সাংবাদিকসকলে সোধা প্ৰশ্নৰ উত্তৰত সভাপতি বাসৱ কলিতাই কয় যে সদৌ অসম কৰ্মচাৰী পৰিষদে আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঘোৰ  বিৰোধিতা কৰি আহিছে।