NORTHEAST NOW (Assamese)

৩১ মাৰ্চৰ পৰা খাৰুপেটীয়াত আমছুৰ প্ৰতিষ্ঠা দিৱসৰ অধিৱেশন

March 29, 2018 2:21 pm · এন ই নাও নিউজ

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১৪ সংখ্যক অধিৱেশন আৰু ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ মৰহুম বি এম হামিদুৰ ৰহমান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে৷

সেই অনুসৰি অহা ৩১ মাৰ্চ, ১ আৰু ২ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিবলৈ দৰং জিলা আমছুৰ উদ্যোগত অভ্যৰ্থনা সমিতিৰ লগতে স্থানীয় ৰাইজে ব্যাপক যো-জা চলাইছে৷

উল্লেখযোগ্য যে অধিৱেশনৰ বাবে প্ৰায় ২৫ হাজাৰ লোকৰ সমাগম হ’ব পৰাকৈ বৃহৎ অস্থায়ী সভাগৃহ নিৰ্মাণৰ কামত প্ৰায় দুশগৰাকী আমছু কৰ্মীৰ লগতে স্থানীয় ৰাইজে দিনে-নিশাই কাম কৰি আছে।

উল্লেখযোগ্য যে অহা ১ এপ্ৰিলত আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰাক্তন বৈদেশিক, আইন আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী ছলমান খুৰশ্বিদ, নিৰ্দিষ্ট বক্তা হিচাপে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ফোজাইল আহমদ আইয়ুবি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, প্রাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ সমূহ ৰাইজৰ সহায়- সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।

 

Related News