৩ মে’ৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব ‘ভাইব্ৰ্যান্ট নৰ্থ ইষ্ট’

Vibrant-North-East-680x365

৩ মে’ বৃহস্পতিবাৰৰ পৰা গুৱাহাটীত ‘ভাইব্ৰ্যান্ট নৰ্থ ইষ্ট ২০১৮’ নামৰ এক অনুষ্ঠান অনুষ্ঠিত হ’ব। এই অনুষ্ঠানৰ জৰিয়তে জনসাধাৰণক কেন্দ্ৰীয় আঁচনি তথা কাৰ্যসূচীসমূহৰ বিষয়ে সজাগ কৰি তোলা হ’ব। আয়োজকসকলে এই বিষয়ে সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিছে।

তিনিদিন ধৰি চলিবলগীয়া এই অনুষ্ঠানত কৃষি, খাদ্য সংশাধন, উপভোক্তা পৰিক্ৰমা, অসমাৰিক যোগান, খোৱা পনা তথা অনাময় খণ্ডৰ সৈতে জড়িত সংস্থাসমূহে অংশগ্ৰহণ কৰিব।

‘চেন্টাৰ ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট (চি এ আৰ ডি) নামৰ দিল্লীৰ এটা বেচৰকাৰী সংস্থাই আয়োজন কৰা ‘ভাইব্ৰ্যান্ট নৰ্থ ইষ্ট ২০১৮’ অনুষ্ঠানটোত সহোগিতা আগবঢ়াইছে উত্তৰ-পূব পৰিষদ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগ, গৃহ মন্ত্ৰ্যালয়, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয় আৰু নিখিল ভাৰত কৃষক সংস্থাই।

চি এ আৰ ডিৰ আৱাসিক সঞ্চালক তুষাৰ শৰ্মাই এখন সংবাদ মেলত কয়, ‘’ অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য হৈছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, অনুদান আৰু প্ৰকল্পসমূহৰ বিষয়ে তথ্য প্ৰকাশ কৰি সেইবোৰ চৰকাৰীভাৱে আৱন্টিত ৰূপত ৰূপায়িত হোৱাটো নিশ্চিত কৰা।‘’

‘’এনেধৰণৰ আঁচনি আৰু প্ৰকল্পসমূহৰ বিষয়ে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলৰ তথা আন সংশ্লিষ্ট পক্ষৰ সজাগতাৰ অভাৱ দেখা যায়,’’-তেওঁ কয়।

‘’আমি লগতে খণ্ড পৰ্যায়ত কৃষি-বাণিজ্য কেন্দ্ৰ স্থাপনৰ বাবে উদ্যোগক এখন মঞ্চ আগবঢ়াই দিব বিচাৰিছো,’’- তেওঁ লগতে কয়।

গুৱাহাটীত ‘ভাইব্ৰ্যান্ট নৰ্থ ইষ্ট ‘ৰ এইখন হ’ব চতুৰ্থ খন মেলা।