৪ ফেব্ৰুৱাৰীৰ পৰা খানাপাৰাত পশু চিকিৎসা সেৱা সন্থাৰ সাধাৰণ অধিৱেশন

college-of-veterinary-science-khanapara-guwahati-colleges-khg1wes

অহা ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত খানাপাৰাত থকা পশু চিকিৎসা বিভাগৰ বিষয়া প্ৰশিক্ষণ প্ৰতিষ্ঠান চৌহদত অনুষ্ঠিত হ’ব অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ ৩২ সংখ্যক দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন।

অধিৱেশনখন সফল কৰি তুলিবলৈ জোৰদাৰ প্ৰস্তুতি চলাইছে পশুপালন আৰু পশু চিকিৎসা  সেৱা সস্থাই।

পশু চিকিৎসা সেৱা সন্থাৰ কামৰূপ জিলা শাখাৰ উদ্যোগত অনুষ্ঠিতব্য এই অধিৱেশনৰ প্ৰথমদিনা প্ৰতিনিধি শিবিৰ মুকলি কৰিব সেৱা সন্থাৰ প্ৰাক্তন সভাপতি ডাঃ প্ৰিয়কান্ত গোস্বামীয়ে।

দ্বিতীয় দিনাৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ কৰিব সন্থাৰ সভাপতি ডাঃ দণ্ডেশ্বৰ ডেকাই।  কাৰিকৰী সত্ৰ উদ্বোধন কৰিব পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ ৰবীন্দ্ৰ নাথ গোস্বামীয়ে।

মহাবিদ্যালয়ৰ পশুধন প্ৰজনন আৰু প্ৰসূতি বিভাগৰ অধ্যাপক ড০ কেশৱ চন্দ্ৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া এই সত্ৰত ভাৰত চৰকাৰৰ আই এছ টি টি, ডি এছ চিৰ মুখ্য কনছালটেণ্ট ড০ ভবেন চন্দ্ৰ বৈশ্য, ড০ দীপক কুমাৰ শৰ্মা আৰু ক্ষেত্ৰত কাম কৰা প্ৰায় পাঁচজন পশু চিকিৎসা বিষয়াই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব।

তৃতীয় দিনা মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৃষি মন্ত্ৰী অতুল বৰা, অসম কৃষি বিশ্ববিদ্যালযৰ উপাচাৰ্য ড০ কমল মল্ল বুজবৰুৱা, অতিৰিক্ত মুখ্য সচিব কে কে মিট্টাল, ভাৰতৰ পশু চিকিৎসক মহাসংঘৰ সভাপতি ডাঃ চিৰন্তৰ কাদিয়ান, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, অসম পশু চিকিৎসা পৰিষদৰ সভাপতি ড০ ৰবীন্দ্ৰ নাথ গোস্বামী, সঞ্চালক ডাঃঅনুপ কুমাৰ দাস, নাগালেণ্ড পশু চিকিৎসা সন্থাৰ সভাপতি ডাঃ ইলাঙ, মেঘালয়  পশু চিকিৎসা সেৱা সন্থাৰ সম্পাদক ডাঃ ব্ৰাইটৰ লগতে ৰাজ্যৰ প্ৰায় পাঁচশ প্ৰতিনিধি উপস্থিত থকাৰ কথা।