৪ মে’ৰ পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নথিৰ অন্তিম পৰীক্ষণ

এন আৰ চি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ নথি পৰীক্ষণৰ অন্তিম প্ৰক্ৰিয়া ৪ মে’ৰ পৰা আৰম্ভ হ’ব। নাগৰিকপঞ্জীৰ আৱেদন পত্ৰৰ সৈতে সংলগ্ন কৰি দিয়া সংযোগী নথিৰ সত্যতা প্ৰমান কৰাৰ বাবে আৱেদনকাৰীয়ে এই প্ৰক্ৰিয়াত অন্তিম সুযোগ লাভ কৰিব।

অহা ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাব। সেয়েহে ৰাজ্যৰ ২,৫০০ এন আৰ চি সেৱা কেন্দ্ৰত নথি পৰীক্ষণৰ সময়সীমা চমু চাপি আহিছে আৰু এন আৰ চি কৰ্তৃপক্ষই ইয়াৰ বাবে তৎপৰতা আৰম্ভ কৰি দিছে। অহা ৪ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া নথি পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছতেই চূড়ান্ত খচৰা প্ৰকাশ পাব।

এন আৰ চি কৰ্তৃপক্ষৰ এক সূত্ৰই জনোৱা মতে জিলা দণ্ডাধীশৰ দ্বাৰা নিযুক্ত কৰ্তৃত্বশীল বিষয়াই বিভিন্ন আসোঁৱাহ থকা নথিসমূহৰ পৰীক্ষা কৰি খচচৰাত নাম অন্তৰ্ভুক্ত কৰিব। এন আৰ চিৰ এই চূড়ান্ত পৰীক্ষণৰ এই শুনানিত প্ৰায় ৯ লাখ লোকৰ সংযোগী নথিৰ সত্যাসত্য পৰীক্ষা কৰা হ’ব।

জানিব পৰা মতে নাগৰিকপঞ্জীৰ লিগেচী ডাটাৰ সৈতে বহুতে শৰণাৰ্থীৰ নথি দাখিল কৰাৰ লগতে জিলা উপায়ুক্তসকলে দিয়া নাগৰিকত্ব প্ৰমান পত্ৰও দাখিল কৰিছিল। ইয়াৰ লগতে আওপুৰণি ভূমিপট্টাৰ নথি পত্ৰৰ লগতে বহিৰ্ৰাজ্যৰ তথা বহিৰ্ৰাষ্ট্ৰৰ নথি-পত্ৰও  জমা দিছিল।

উক্ত নথিসমূহৰ ভিতৰত পূব পাকিস্তানৰ পৰা অহা বহু ভগনীয়াক কেন্দ্ৰীয় চৰকাৰে শৰণাৰ্থীৰ মৰ্যাদা দিছে যদিও আৱেদনৰ সময়ত তেওঁলোকে দাখিল কৰা নথি পৰীক্ষণৰ সময়ত বহুতৰে তথ্য মজুত নথকা বুলি জানিব পৰা গৈছে। চাৰি মে’ৰ পৰা হ’বলগীয়া শুনানিত দণ্ডাধীশে শৰণাৰ্থীসকলৰ আনুষংগিক নথি পত্ৰ পৰীক্ষণৰ জৰিয়তে সত্যাসত্যতা নিৰূপণ কৰিব।

এই চূড়ান্ত শুনানিৰ সময়ত বহিৰ্ৰাজ্যৰ লগতে বহিৰ্ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা নথিৰ ঘুৰাই নপঠিওৱা নথিসমূহো পৰীক্ষণ কৰা হ’ব। জানিব পৰা মতে বহিৰ্ৰাজ্যৰ পৰা ঘুৰাই নপঠিওৱা প্ৰায় চাৰি লাখ নথিৰ লগতে বহিৰ্ৰাষ্ট্ৰৰ প্ৰায় ৩৫০ খন নথি তথা স্থানীয় প্ৰায় ৫ লাখ আসোঁৱাহপূৰ্ণ নথি দণ্ডাধীশে অন্তিমবাৰলৈ পৰীক্ষা কৰি নাগৰিকত্ব নিশ্চিত কৰিব বুলি ‘আমাৰ অসম’ৰ এটা বাতৰিত প্ৰকাশ পাইছে।

অৱশ্যে, চূড়ান্ত খচৰাত নাম নথকা লোকসকলে খচৰা প্ৰকাশ পোৱাৰ পিছত পুনৰ তথ্য প্ৰমানসহ আৱেদন কৰিব পাৰিব বুলি এন আৰ চি কৰ্তৃপক্ষই জনাইছে।