• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিনেমা : জিয়া-এক যাত্ৰা

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
May 14, 2024 7:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেনী বসুমতাৰীৰ দ্বাৰা পৰিচালিত অনাগত ছবি-“জিয়া”। পিছে আপুনি যদি কেনী বসুমতাৰীৰ পূৰ্বৰ ছবিসমূহৰ দৰে জিয়াও এখন হাস্যৰসধৰ্মী ছবি বুলি ধাৰণা কৰিছে-তেন্তে আপোনাৰ অনুমান ভুল। এক গম্ভীৰ আৰু অতি প্ৰাসংগিক তথা জৰুৰী বিষয়বস্তুক কেন্দ্ৰ কৰি নিৰ্মিত ছবি জিয়া। জিয়াৰ প্ৰযোজনাৰ লগতে কাহিনীভাগ লিখিছে অভিনেত্ৰী, গায়িকা শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে। সমন্বিতভাৱে চিত্ৰনাট্য আৰু সংলাপ লিখিছে কেনী বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে। অনাগত ১৭ মে’ তাৰিখে অসমৰ ভিন্ন ছবিগৃহত জিয়া ছবিখনে মুক্তিলাভ কৰিব।

আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাত এগৰাকী অকলশৰীয়া নাৰীয়ে জীৱনৰ বাটত হে নেলাগে আনকি দৈনন্দিন জীৱনচৰ্যা আগুৱাই নিয়াৰ ক্ষেত্ৰতো কিমান বেছি প্ৰতিৰোধক আৰু জটিলতাৰ সন্মুখীন হয়, সেয়া সকলোৰে বিদিত। তাতে যদিহে নাৰীগৰাকী বিবাহ-বিচ্ছেদিতা হয়, তেনেহ’লেতো আৰু কথাই নাই! পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ প্ৰতিকূলতাই নাৰীগৰাকীৰ জীৱন প্ৰায় দুৰ্বিসহ কৰি তোলে। তেনে এগৰাকী নাৰীয়েই জিয়া। এগৰাকী শিশু কন্যা সন্তানৰ সৈতে জিয়াই ডিভৰ্চৰ পিছত নিজৰ জীৱন নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিছে। ঘৰ-পৰিয়াল, চুবুৰীয়া, কাৰ্যালয়ৰ বছৰ মানসিক যৌন আতিশয্য পৰ্যন্ত সহি, যুঁজিছে ডিপ্ৰেছনৰ সৈতে। আমাৰ চৌপাশে আৰু কত এনে জিয়া আছে! এই জিয়াৰ যাত্ৰা কি হ’ব? কিদৰে আগুৱাই জিয়া এই পংকিলতাৰ মাজেৰে-তাৰেই কাহিনীৰে এই ছবিখন। ছবিৰ আৰম্ভণিৰ প্ৰায় ৩-৪ মিনিটৰ ভিতৰতেই কাহিনীৰ পট প্ৰতিষ্ঠা কৰা হৈছে। অৰ্থাৎ ছবিখনৰ এক সম্যক ধাৰণা স্পষ্ট হৈ উঠে। জিয়াৰ কাহিনীভাগ গতিশীল। ক’তো ৰৈ যোৱাৰ বা থমকি ৰোৱাৰ অৱকাশ নাই। এইখিনিতে প্ৰশংসা কৰিব লাগিব জিয়াৰ সু-সংৰচিত চিত্ৰনাট্যখনৰ। এই চিত্ৰনাট্যখনৰ বাবে ছবিখন এক সাৱলীল গতিত আগবাঢ়ে। পৰৱৰ্তী অংশত কি হ’ব জানিবলৈ আগ্ৰহ জন্মে। ছবিখন চাই থাকোতে এনে লাগে যেন,চকুৰ আগত সেয়া চেলুলয়ডৰ পৰ্দাত চলি থকা এখন চিনেমা নহৈ,স্বতঃস্ফূৰ্ত দৈনন্দিন জীৱনৰ হে অংশ। অৰ্থাৎ নাটকীয়তাৰ মেদবৰ্জিত ছবি জিয়া। ভাল লগা কথাটি হ’ল যে-ছবিখনৰ কোনো অংশতেই আমনি লগাৰ সামান্যও অৱকাশ নাই। অৱশ্যেই মাজে-সময়ে পৰিস্থিতি সাপেক্ষ কিছু হাস্যৰসৰো অৱতাৰণা কৰা হৈছে, যিয়ে ছবিখনৰ স্বতঃস্ফূৰ্ততাত আৰু কিছু প্ৰাণ ঢালিছে। প্ৰচলিত সমাজ-ব্যৱস্থাক লৈয়ো ছবিখনত তীক্ষ্ণ ব্যংগ কৰা হৈছে। কিদৰে বিবাহ-বিচ্ছেদিত পুৰুষ এজনক লৈ সমাজে কোনো বৈষম্য নকৰে আৰু নাৰীগৰাকীক পদে পদে বৈষম্যৰ সন্মুখীন কৰাই-তাৰ এখন সুস্পষ্ট ছবি প্ৰদৰ্শিত হৈছে জিয়াত। লগতেই,পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ গুৰি যে মূলতঃ আমাৰ সমাজৰ কিছু নাৰীয়েই ধৰে-তাকো দৰ্শোৱা হৈছে। শিশুৰ ক্ষেত্ৰত হোৱা যৌন নিৰ্যাতনৰ ঘটনাৰ দৰে সংবেদনশীল বিষয়কো সামৰি লোৱা হৈছে জিয়াত, যিদৰে সামৰি লোৱা হৈছে মানসিক ৰোগ আৰু মানসিক স্বাস্থ্যক। ডিভোৰ্চ বা বিবাহ বিচ্ছেদ হোৱা নাৰী এগৰাকীক পুনৰাই বিবাহ কৰোৱাৰ ক্ষেত্ৰত কিদৰে আমাৰ সমাজৰ পুৰুষ-নাৰী সকলোৰেই দৃষ্টিভংগী নেতিবাচক-তাৰো উপস্থাপন ঘটাইছে জিয়াত। অকলশৰীয়া নাৰী এগৰাকীক সুবিধা-অন্বেষী পুৰুষে সঘনাই দিয়া যৌনতাকেন্দ্ৰিক প্ৰস্তাৱত অতিষ্ঠ, ভাৰাক্ৰান্ত হৈ কিদৰে নিজৰে প্ৰতি তিক্ততা জন্মে,সেই যন্ত্ৰণাকো দৰ্শোৱা হৈছে জিয়াত। এয়া সচৰাচৰে ঘটি থকা কাহিনী, পিছে এনে কাহিনীক কেন্দ্ৰ কৰি অসমত পূৰ্বে এনে এখন ছবি নিৰ্মাণ হোৱা নাছিল। বিবাহ-বিচ্ছেদিত নাৰী এগৰাকীৰ নিজৰ অকলশৰীয়া জীৱন জীওৱাৰ অধিকাৰ নেথাকে নে পুনৰাই এটি যুগ্ম-জীৱন আৰম্ভ কৰাৰ অধিকাৰ নেথাকে? বা আন কোনো অকলশৰীয়া নাৰীৰেই নেথাকে? এনেধৰণৰ বহু প্ৰশ্নই আপোনাক জোকাৰি যাব জিয়া চোৱাৰ সময়ত। জিয়াৰ সাৱলীল কাহিনী আৰু চিত্ৰনাট্যৰ দৰেই ৰক্তিম ৰঞ্জন বসুমতাৰীৰ সম্পাদনাৰ দিশটিও নিখুঁত বুলিব লাগিব। ক’তো অলাগতিয়াল দৃশ্যাংশৰ অৱতাৰণা কৰা হোৱা নাই বা অনৰ্থকভাৱে দীঘলীয়া দৃশ্যাংশৰো উপস্থাপন কৰা হোৱা নাই। জিয়াৰ আন এক ভাল লগা দিশ হৈছে অম্বৰ দাসৰ পৰিস্থিতি সাপেক্ষ আৱহ-সংগীত আৰু সামগ্ৰিক সংগীত ব্যৱস্থাপনা। যি কেইটি গীতৰ উপস্থাপন হৈছে-সম্পূৰ্ণ পৰিস্থিতি সাপেক্ষ হোৱাৰ লগতেই সুমধুৰ। সূৰুয ডেকাৰ চিনেমেট’গ্ৰাফীৰ কাম প্ৰশংসনীয়।

Apply Now

  অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম লব লাগিব ছবিখনৰ নামভূমিকাত অভিনয় কৰা শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ কথা। সম্পূৰ্ণ স্বাভাৱিক, স্বতঃস্ফূৰ্ত আৰু পৰিপক্ব অভিনয় শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ, যিদৰে শৰ্মিষ্ঠাৰ বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰা ঈপ্সিতা হাজৰিকাৰ অভিনয়। পুৰুষ চৰিত্ৰত ৰিকি শৰ্মাৰ অভিনয়ো সাৱলীল। আন আন চৰিত্ৰসমূহো নিজ নিজ ভূমিকাত সহজ। জিয়াৰ অন্ত কিছু অপ্ৰত্যাশিত, দুচকু সেমেকাই তুলিব পৰাকৈ আৱেগিক যদিও পৰিপক্ব। শেষাংশৰ পূৰ্বে নিশাৰ শূন্য ৰাজপথত জিয়াই নিজ কন্যাক লৈ বাট বোলাৰ দৃশ্যাংশৰ লগত গীতটিৰ উপস্থাপন সম্পূৰ্ণৰূপে পৰিস্থিতিৰ লগত খাপ খোৱা। জিয়া এটি জীয়া কাহিনী নহয়,আমাৰ চৌপাশৰে বহু নাৰীৰ জীয়া দৈনন্দিন যাত্ৰা।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd