৫ দফীয়া দাবী চনদেৰে ত্ৰিপুৰা তেল টেংকাৰ মজদুৰৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

n1

আজি পুৱা ৮-০০ বজাৰ পৰা ৫টা দাবী চনদেৰে ত্ৰিপুৰা তেল টেংকাৰ মজদুৰ সংঘৰ বেনাৰত মজদুৰসকলে অনিৰ্দিষ্ট কাললৈ ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰিছে। দৰমহা বৃদ্ধি, (কেন্দ্ৰীয় নিৰিখ অনুসৰি) ভৱিষ্যনিধি, চিকিৎসা বানচ আৰু সাপ্তাহিক বন্ধৰ দিন নিশ্চিত কৰাৰ লগতে পেনছন প্ৰদান কৰা আদি মুঠ ৫টা দাবীৰে অনিৰ্দিষ্ট কাললৈ ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰিছে। তেওঁলোকে অভিযোগ কৰিছে যে তেওঁলোকে ২৫০০ ৰ পৰা ৩০০০ টকালৈকে দৰমহা লাভ কৰে আৰু হেণ্ডিমেনে মাত্ৰ ৫০০ টকা লাভ কৰে। প্ৰতিবাদকাৰীসকলে কয় যে এই যৎসামান্য দৰমহা সংসাৰ চলোৱাৰ বাবে পৰ্যাপ্ত নহয়।

অৱশ্যে, চলিত বৰ্ষৰ এপ্ৰিলৰ ৩১ তাৰিখেও ত্ৰিপুৰা তেল টেংকাৰ সংঘৰ বেনাৰত মজদুৰসকলে একে দাবীৰে ধৰ্মঘট কৰিছিল। ২৬ জুনত  সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে এই বিষয়ত তেওঁলোকে আলোচনাতো বহিছিল।  কৰ্তৃপক্ষই তেওঁলোকৰ দাবী মানি লোৱাৰ আশ্বাস নিদিয়াত তেওঁলোকে কৰ্ম বিৰতি ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

তেওঁলোকে চিএম, ডিএমকে ধৰি অন্যন্য বিষয়াসকলক এই সম্পৰ্কে অৱগত কৰিছিল যদিও তেওঁলোকে কোনো উত্তৰ পোৱা নাছিল বাবে তেওঁলোকে কৰ্ম বিৰতি ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে জনোৱা মতে চলিত বৰ্ষৰ  ২৭ জুলাইত ডিএমৰ জৰিয়তে তেওঁলোকৰ দাবী সন্দৰ্ভত চিএমক অৱগত কৰোৱা হৈছিল।

এই প্ৰতিবাদৰ ফলত সমগ্ৰ ৰাজ্যতে পেট্ৰলৰ সংকটে দেখা দিয়ে। ৰাজ্যখনত পেট্ৰলৰ নাটনিয়ে দেখা দিয়াত আকৌ এবাৰ ৰাজ্যখনত সমস্যাই দেখা দিয়ে। উল্লেখ্য যে আজি বেছিভাগ পেট্ৰল পাম্পতেই প্ৰট্ৰলৰ অভাৱ পৰিলক্ষিত হয়।

আজি পুৱাৰে পৰা ৰাজ্যখনৰ পেট্ৰল পাম্পসমূহৰ সন্মুখত গ্ৰাহকৰ দীঘল শাৰী দেখা পোৱা গৈছিল। এছডিএমে ভাৰতীয় তেল নিগমৰ ডিপো সমূহলৈ গৈ প্ৰতিবাকাৰীসকলৰ সৈতে আলোচনাত মিলিত হয় যদিও প্ৰতিবাদকাৰীসকলে জনাই দিয়ে যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা লিখিত আশ্বাস অবিহনে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী উঠাই নলয়।