• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭টা দাবীলৈ আজি ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ ‘মাৰ্চ ফৰ জাষ্টিছ’

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
March 24, 2018 11:12 pm
March for Justice
96
VIEWS
Share on FacebookShare on Twitter

নিৰ্ধাৰিত ৭টা দাবীলৈ ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছ কে এম দলে আজি গেংটকত ‘মাৰ্চ ফৰ জাষ্টিছ’ নামেৰে এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়ায়।

এই উদ্দেশ্যে  ৫ম মাইল টেডোঙৰ সৰস্বতী মন্দিৰৰ পৰা জিৰো পইণ্টত থকা ভানু পাৰ্কলৈ উলিওৱা পদযাত্ৰাত এছ কে এমৰ সভাপতি কুংগা নিমা লেপচা নেতৃত্বত দলটোৰ নেতৃবৃন্দ, কৰ্মী আৰু সমৰ্থকসকলে হাতত বেনাৰ, প্লে’কাৰ্ড লৈ অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি ডি বি চৌহানেও ৰেলীটোত সহযোগ কৰে।

পিছত এছ কে এমৰ এটা প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ জমা দিয়ে।

উল্লেখযোগ্য যে দলটোৱে উত্থাপন কৰা ৭টা দাবীৰ ভিতৰত আছে-

বৰ্ধিত কাৰ্যকালৰ বাবে চাকৰিত থকা চৰকাৰী চাকৰিয়াল সকলক তাৎক্ষণিক অৱসৰ দি সেই ঠাইত শিক্ষিত নিবনুৱাৰ বাবে স্থায়ী নিয়োগৰ ব্যৱস্থা কৰা।

মাষ্টাৰ ৰোল, তদৰ্থভিত্তিক আৰু ঠিকাভিত্তিক থকা কৰ্মচাৰীসকলৰ চাকৰি শীঘ্ৰে নিয়মীয়াকৰণ কৰা।

৫ বছৰ ধৰি চাকৰি কৰি থকা গৃহৰক্ষী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে তেওঁলোকক বকেয়া ধন প্ৰদান কৰা।

ইয়াৰোপৰি যিহেতু গৃহৰক্ষী সকলে আৰক্ষীৰ প্ৰশিক্ষণ লাভ কৰিছে সেয়ে তেওঁলোকক নৈশ চকিদাৰ বা পিয়ন হিচাপে নিয়োগ নকৰি আৰক্ষীলৈ পদোন্নতি কৰাৰ ব্যৱস্থা কৰা।

ব্যক্তিগতখণ্ডত থকা ঠিকাভিত্তিক ব্যৱস্থা বিলুপ্ত কৰি চৰকাৰী বিভাগত সাক্ষাৎকাৰৰ জৰিয়তে নিয়মীয়াভাৱে নিযুক্তি দিয়া।

ঠিকাৰ কামত স্থানীয় যুৱকসকলক অগ্ৰাধিকাৰ দিয়া ইত্যাদি।

তেওঁৰ ভাষণত এছ কে এমৰ সভাপতি কুংগা নিমা লেপচাই অংশ্ৰগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰি ৰাজ্যখনৰ জনসাধাৰণৰ ন্যায়প্ৰাপ্তিৰ হকে সকলোকে একত্ৰিত হৈ ওলাই অহাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰোপৰি তেওঁ ছিকিমৰ আন আন জিলাতো এনে ৰেলী উলিওৱা হ’ব বুলি কয়।

শোভাযাত্ৰাটোত অংশলোৱা ৰাজ্যিক বিজেপি সভাপতি ডি বি চৌহানে এছ কে এমৰ এই উদ্যোগক প্ৰশংসা কৰাৰ লগতে দলটোৱে লোৱা অভিযানৰ প্ৰতি সম্ভৱপৰ সকলো সহায় সমৰ্থন আগবঢ়াব বুলি আশ্বাস দিয়ে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd