NORTHEAST NOW (Assamese)

৭০০ কোটিটকীয়া কৃষি কেলেংকাৰিত অভিযুক্ত দুই ঠিকাদাৰক গ্ৰেপ্তাৰ

January 9, 2018 8:29 am · এন ই নাও নিউজ
Updated: January 9, 2018 10:39 am

বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত ৰাজ্যৰ কৃষি বিভাগত সংঘটিত ৭০০ কোটিটকীয়া কেলেংকাৰিৰ গোচৰত অভিযান চলাই সোমবোৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে দুই ঠিকাদাৰ পীযূষ কান্তি দে আৰু অজিত ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে উক্ত কেলেংকাৰিটো সন্দৰ্ভত অসম পাব্লিক ৱৰ্কছে ২০১৪ চনতে দাখিল কৰা অভিযোগৰ ভিত্তিত চি আই ডিয়ে ৫৬/২০১৪ নম্বৰৰ গোচৰ ৰুজু কৰি ইতিমধ্যে ৫ জন কৃষি বিষয়াৰ লগতে আন তিনিজন ঠিকাদাৰক আটক কৰিছিল। একেতা গোচৰতে সোমবাৰে উল্লেখিত দুয়োজন ঠিকাদাৰক চি আই ডিৰ কাৰ্যালয়লৈ মাতি আনি দীৰ্ঘসময় ধৰি জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয়। আনহাতে গ্ৰেপ্তাৰ হোৱা ঠিকাদাৰ দুজন গুৱাহাটীৰ মেছাৰ্ছ মহামায়া এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে। ঠিকাদাৰদ্বয়ে মৰিগাওঁ জিলাৰ কাৰণে সাৰ যোগানৰ নামত ভুৱা চালান প্ৰস্তুত কৰি চৰকাৰী পুঁজিৰ লুণ্ঠন চলাইছিল। দুয়োজনকে তদন্তকাৰী সংস্থাটোৱে কালি বিয়লি গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰায় আৰু আদালতে তেওঁলোকক তিনি দিনৰ বাবে চি আই ডিৰ জিন্মালৈ প্ৰৰণ কৰে।

Related News