৭ আগষ্টৰ পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

বিধায়ক ৰূপক শৰ্মা

অসমৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰ নগাঁও মহাবিদ্যালয়ে ৭৫ বছৰত পদাৰ্পণ কৰিবলৈ আগবাঢ়িছে। সেই উপলক্ষে মহাৰজত জয়ন্তী বৰ্ষজোৰা কাৰ্যসূচীৰে বিস্তৃতভাবে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে।

মহাৰজত জয়ন্তীৰ প্ৰথম কাৰ্যসূচী অহা ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ ছদিনীয়াকৈ আয়োজন কৰা হৈছে। আজি নগাঁও মহাবিদ্যালয়ত আয়োজন কৰা এক সংবাদমেলত মহাৰজত জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এই কথা সদৰী কৰে।

অনুষ্ঠানৰ কাৰ্যসূচী সম্পৰ্কত জানিবলৈ দি বিধায়কগৰাকীয়ে কয় যে ৭ আগষ্টৰ পুৱা ৯ বজাত পতাকা উত্তোলনৰ পিছতে ১১ বজাত মহাবিদ্যালয়খনৰ অনিল বৰা প্ৰেক্ষাগৃহত আৰম্ভ হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত  ৰাজ্যপাল জগদীশ মুখী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

ৰূপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগা উক্ত উদ্বোধনী অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট অতিথি আৰু কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বুলি জানিবলৈ দি শৰ্মাই লগতে কয় যে অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত আৰু সিদাৰ্থ ভট্টাচাৰ্যও উপস্থিত থাকিব।

৮ আগষ্টত বিশিষ্ট অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই উদ্বোধন কৰিব লগা চলচ্চিত্ৰ মহোৎসৱ সঞ্চালনা কৰিব বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই। ৯ আগষ্ট পুৱা চাফাই অভিযান, গ্ৰাম্য বিজ্ঞান মেলা অনুষ্ঠিত হোৱাৰ পিছতে ‘গুৰু প্ৰণাম’ অনুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন মুখ্য মন্ত্ৰী তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰফুল্ল কুমাৰ মহন্তই।

১০ আগষ্টত প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক পৰাগমণি আদিত্যই উদ্বোধন কৰিব লগা নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকা। ১১ আগষ্টত পুৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। ইয়াৰ পিছতে সাংবাদিক সুনীল বৰাই আঁ‌ত ধৰিব লগা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনখন উদ্বোধন কৰিব বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, ১২ আগষ্টত বক্তৃতানুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন আৰম্ভ হ’ব। ‘উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাপূৰ্ণ লঘু উদ্যোগ আৰু বহনক্ষম উন্নয়ন’ শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বিজ্ঞানী ড° ত্ৰিদিপ গোস্বামী উপস্থিত থাকিব। সেইদিনা সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ উপৰি অন্যান্য শিল্পীয়ে অংশ গ্ৰহণ কৰিব।

আজিৰ সংবাদমেলত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকী, যুটীয়া সম্পাদক অধ্যাপক বিশ্বজিৎ ভূঞা, ড° ৰঞ্জিৎ মজুমদাৰ, শৈক্ষিক উপাধ্যক্ষ ড° দিলীপ শৰ্মা আৰু শৈলেন শইকীয়া উপস্থিত থাকে। উক্ত সংবাদমেলতে উদযাপন সমিতিৰ সভাপতি  ৰূপক শৰ্মাই ইচ্ছ্যুক ব্যক্তিক আছাম গ্ৰামীণ বিকাশ বেংক নগাঁও শাখাৰ – প্লেটিনাম জুবিলি ফাণ্ড, নগাঁও কলেজ, একাউণ্ট নম্বৰ- ৭২৫৭০১০০৫৬৬৪৭, IFSC CODE -UTBIORRBAGB ত বৰঙনি দিবলৈ অনুৰোধ জনায়।