NORTHEAST NOW (Assamese)

৭ জুলাইৰ পৰা ডিব্ৰুগড় আন্তঃক্লাব ছিনিয়ৰ ফুটবল লীগ

June 22, 2018 11:12 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ৭ জুলাইৰ পৰা সন্থাৰ জালান আউটড’ৰ ষ্টেডিয়ামত ২০১৮-১৯ বৰ্ষৰ ছিনিয়ৰ ডিভিজন মনোজ কুমাৰ পাত্ৰ আৰু বগা দাস সোঁৱৰণী আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ডিব্ৰুগড় ফুটবল শাখাৰ সম্পাদক প্ৰীতম দাসে এই কথা জানিবলৈ দি কয় যে এইবাৰ লীগত মুঠ দহটা দলে চেম্পিয়নৰ খিতাপ দখল কৰাৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দলকেইটা ক্ৰমে যোৱা বছৰৰ চেম্পিয়ন ডিব্ৰুগড় ফুটবল ক’চিং চেণ্টাৰ, মিলনজ্যোতি সংঘ, ডিব্ৰুগড় ৰে’লৱে স্প’ৰ্টছ ক্লাব, ৰমাই ফুটবল ক্লাব, জকাই ৰূপজ্যোতি সংঘ, ক্ৰিকেট ক্লাব অব্‌ ডিব্ৰুগড়, চেঙেলীজান ফুটবল ক্লাব আৰু টেঙাখাত সোণোৱাল কছাৰী ফুটবল ক্লাব দল।

ইয়াৰ উপৰি যোৱা বছৰৰ বি ডিভিজনৰ চেম্পিয়ন টেঙাখাত টাউন ক্লাব আৰু ৰানাৰ্ছ আপ ডিব্ৰুগড় ৱেলকাম ফুটবল ক্লাবক এ ডিভিজন লীগলৈ উন্নীত কৰি প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে যোৱা বছৰ এ ডিভিজনত নিম্ন মানৰ প্ৰদৰ্শন কৰা অৰুণোদয় উন্নয়ন সমিতি আৰু জালান নগৰ বাগিছা ফুটবল ক্লাবক বি ডিভিজনলৈ অৱনমিত কৰা হৈছে বুলি জানিবলৈ দিয়ে সন্থাই।

লীগ সম্পৰ্কে সবিশেষ জানিব বিচাৰিলে ৭০০২২-০০৯৫১ অথবা ৮৬৩৮৮-৩৯৫৭৬ এই ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰে বুলিও সম্পাদকগৰাকীয়ে জনায়।

Related News