৮ মাৰ্চত গুৱাহাটীলৈ আহিব বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ

Bangladesh-president Abdul HamidA

বিশেষ ভ্ৰমণসূচীৰে অহা ৮ মাৰ্চত গুৱাহাটীত উপস্থিত হ’ব চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ । বাংলাদেশী অনুপ্ৰৱেশ, বিতাৰণ আদি সমস্যাক কেন্দ্ৰ কৰি অসমত বিতৰ্ক চলি থকা সময়তে বাংলাদেশৰ ৰাষ্ট্ৰপতিগৰাকীৰ আগন্তুক গুৱাহাটী ভ্ৰমণসূচীয়ে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।

এই ভ্ৰমণকালত ৰাষ্ট্ৰপতি হামিদে সীমান্তৱৰ্তী ৰাজ্য অসমৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ লগত আলোচনাত মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে বুলি এক শুত্ৰই প্ৰকাশ কৰিছে।

কিন্তু জানিব পৰা মতে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ কোনো আনুষ্ঠানিক কাৰ্যসূচী নাই। কিন্তু তেওঁ অনানুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহাৰ সম্ভাৱণা আছে। অৱশ্যে আলোচনাত অবৈধ বাংলাদেশীকে ধৰি ৰাজনৈতিক প্ৰসংগ চৰ্চিত নহয়। তেওঁ ঘাইকৈ বাণিজ্যিক দিশৰ ক্ষেত্ৰতহে আলোচনা কৰিব।

আনহাতে চৰকাৰৰ পৰা পোৱা খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ বাবে গ্ৰহণ কৰা এক্ট ইষ্ট পলিচীক লৈ বাংলাদেশ চৰকাৰ যথেষ্ট আগ্ৰহী। কিয়নো ইয়াৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰখনে উত্তৰ-পূৰ্বাঞ্চলৰ লগত যাতায়ত-যোগাযোগ তথা বাণিজ্যিক ক্ষেত্ৰত সম্পৰ্ক সুদৃঢ় কৰিব পাৰিব।

মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি হামিদ অসমত বিনিয়োগ কৰাৰ বাবে আগ্ৰহী। সেয়ে তেওঁ গুৱাহাটী ভ্ৰমণকালৰ সময়ত মূলতঃ অসমত বিনিয়োগৰ সম্ভাৱণা সম্পৰ্কে চৰকাৰী প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱণা আছে।

উল্লেখ্য যে এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ৭ মাৰ্চত বাংলাদেশৰ ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীত উপস্থিত হ’ব। ৮ মাৰ্চত গুৱাহাটীলৈ আহি আবেলি তেওঁ মেঘালয়ৰ বালাইলৈ যাব। মেঘালয়ৰ পৰা তেওঁ ৯ মাৰ্চত দিল্লীলৈ উভটি গৈ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশ ল’ব। আনহাতে ১০ মাৰ্চৰ দিনা তেওঁ নিজৰ চাৰিদিনীয়া ভ্ৰমণসূচী সামৰি বাংলাদেশলৈ উভটি যাব।