৮ মাৰ্চত শপত ল’ব নাগালেণ্ডৰ নতুন চৰকাৰে : উপস্থিত থাকিব প্ৰধান মন্ত্ৰী মোদী

Neiphiu-Rio

নেইফিঅ’ ৰিঅ’

পৰৱৰ্তী চৰকাৰখন এন পি এফেই গঠন কৰিব বুলি দলটো নিজৰ স্থিতিত আঁকোৰগোঁজ হৈ থাকিলেও সেই সম্ভাৱনা প্ৰায় নিঃশেষ হৈছে। আজি বিজেপিয়ে এন পি এফৰ সৈতে পূৰ্বৰ সম্পৰ্ক ছেদ কৰা বুলি ঘোষণা কৰাৰ লগতে নৱগঠিত এন ডি পি পিৰ সৈতে নাগালেণ্ডৰ নতুন চৰকাৰ গঠন কৰিব বুলিও স্পষ্ট কৰি দিয়ে। অহা ৮ মাৰ্চত এই নতুন চৰকাৰে শপত ল’ব বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা ৩ মাৰ্চত হোৱা ভোট গণনাত বৰ্তমান শাসনাধিষ্ঠিত এন পি এফ ২৬খন আসন পোৱাৰ বিপৰীতে এন ডি পি পিয়ে পায় ১৮খন আৰু বিজেপিয়ে পায় ১২খন আসন। এই দুয়োটা দলে প্ৰাক নিৰ্বাচনী মিত্ৰতাত থকাৰ ফলত তেওঁলোকৰ মিত্ৰজোঁটৰ মুঠ আসন হয়গৈ ৩০খন।

গতিকে চৰকাৰ গঠন কৰিবলৈ মাত্ৰ এখন আসন লগা অৱস্থাত এই মিত্ৰজোঁটটোৱে একমাত্ৰ নিৰ্দলীয় বিধায়কজন আৰু জে ডি(য়ু)ৰ একমাত্ৰ বিধায়কজনৰ সমৰ্থন লাভ কৰা বুলি দাবী কৰিছে। গতিকে তেওঁলোকৰ লগত থকা মুঠ বিধায়কৰ সংখ্যা হয়গৈ ৩২। এই পৰিপ্ৰেক্ষিতত মিত্ৰজোঁটটোৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী তথা পূৰ্বৰ তিনিবাৰকৈ মুখ্য মন্ত্ৰী হোৱা নেইফিঅ’ ৰিঅ’ৰ নেতৃত্বত নতুন চৰকাৰখন গঠন হোৱাটো প্ৰায় খাটাং। আৰু অহা ৮ মাৰ্চত তেওঁৰ এই চৰকাৰে শপত ল’ব।

আজি এই সন্দৰ্ভত নাগালেণ্ডৰ গৃহ সচিবে ক’হিমাত এখন সমন্বয় বৈঠক আহ্বান কৰিছিল। বৈঠকত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানটোৰ বাবে প্ৰায়বোৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয়, য’ত প্ৰধান মন্ত্ৰী মোদীৰ উপস্থিতিৰ দিশটোৱে সৰ্বাধিক গুৰুত্ব পায়। ইয়াৰ বাবে বিভিন্ন বিভাগক দায়িত্ব অৰ্পণ কৰা হয়। পৌৰ, পৰিবহণ, শক্তি, অগ্নি নিৰ্বাপণ আদি সকলো বিভাগকে যাৱতীয় নিৰ্দেশনা দিয়া হয়।

জানিব পৰা মতে শপত গ্ৰহণ কাৰ্য্যসূচীৰ পিছতে নতুন মুখ্য মন্ত্ৰীজনে নতুন সচিবালয়ত এখন সংবাদমেল সম্বোধন কৰিব।