৯০ বছৰত বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয় : বৰ্ষজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ শুভাৰম্ভ

বিৰহ বেজেৰা স্কুল

নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়ে ৯০ বছৰত ভৰি দিলে। নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়। দেশৰ স্বাধীনতাৰ পূৰ্বেই ১৯২৯ চনৰ কোনো এক শুভ ক্ষণত বহুকেইজন সমাজ সচেতন ব্যক্তি আৰু স্থানীয় ৰাইজৰ ঐকান্তিক আৰু আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই শিক্ষানুষ্ঠানখনে ইতিমধ্যে সগৌৰৱে ৯০টা বছৰ গৰকিবলৈ সক্ষম হৈছে।

সেয়ে স্থানীয় ৰাইজ, শিক্ষামোদী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মহাৰজত জয়ন্তী উৎসৱ বছৰজোৰা বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সভাপতি, ৰূপৰাম কলিতাক কাৰ্যকৰী সভাপতি আৰু বিদ্যালয় প্ৰধান শিক্ষক প্ৰফুল্ল চন্দ্ৰ নাথক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠনেৰে মহাৰজত জয়ন্তী উৎসৱ সুকলমে অনুষ্ঠিত কৰাৰ অৰ্থে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে।

শুকুৰবাৰে মহাৰজত জয়ন্তী উৎসৱৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হয়। ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। বিদ্যালয় প্ৰাংগণ বিভিন্ন প্ৰান্তৰ পৰা অহা অভ্যাগত, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শুভাকাংক্ষী তথা স্থানীয় ৰাইজৰ উপস্থিতিৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়।

পুৱা ৯ বজাত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদযাপন সমিতিৰ উপ-সভাপতি অশোক মহন্ত আৰু পুষ্পেন্দ্ৰ হাজৰিকাই বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ পাতনি মেলে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শশীন্দ্ৰ দেৱ মহন্তই পতাকা উত্তোলন আৰু মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ দ্বাৰা শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উদযাপন সমিতিৰ কোষাধ্যক্ষ তৰুণ মহন্তই শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পনৰ লগতে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উদযাপন সমিতিৰ উপ-সভাপতি ডিম্বেশ্বৰ দাসে।

ইয়াৰ পিছতে পৰিবেশ সজাগতাৰ দৰে মহান উদ্দেশ্য আগত ৰাখি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চন্দ্ৰ নাথে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপৰাম কলিতাৰ পৌৰোহিত্যত মহাৰজত জয়ন্তীৰ শুভাৰম্ভণীৰ মুকলি সভা অনুষ্ঠিত কৰা হয়।