ৰেইলৱেই আন ২০ হাজাৰ চাকৰিৰ বাবে আৱেদন আহ্বান কৰাৰ সম্ভাৱনা আছে
৯০ হাজাৰ পদৰ বাবে আবেদন গ্ৰহণ কৰাৰ পিছত ৰেইলৱেই আৰু ২০ হাজাৰ পদৰ বাবে অচিৰেই পুনৰ নিযুক্তি মুকলি কৰাৰ সম্ভাৱনা আছে। এই খবৰ পোৱা গৈছে ৰেইলৱেই সূত্ৰৰ পৰা।
উল্লেখযোগ্য যে ৰেইলৱেই ইয়াৰ বৃহত্তম নিযুক্তি প্ৰক্ৰিয়াত ৯০ হাজাৰ যুৱক-যুৱতীক একে সময়তে চাকৰি দিয়াৰ বাবে ইতিমধ্যে অনলাইন আৱেদন গ্ৰহণ কৰিছে। যোৱা ৩১ মাৰ্চত ইয়াৰ বাবে আৱেদন গ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিছে। জানিব পৰামতে প্ৰায় ২.৫ কোটি নিবনুৱাই আৱেদন কৰিছে ৯০ হাজাৰ পদৰ বিপৰীতে।
মন কৰিব লগীয়া যে ৰেইল দপ্তৰৰ ৰাজ্যিক পৰ্য্যায়ৰ মন্ত্ৰীজন হ’ল অসমৰ সাংসদ ৰাজেন গোহাঁই। কিন্তু অসমৰ ৰেইল মন্ত্ৰী হৈ অসমৰ তথা উত্তৰ-পূবৰ বাবে ৰেইল বিভাগৰ পৰা কিবা বিশেষ সুবিধা আনিব পাৰিছে নে নাই ৰেইল মন্ত্ৰীজনে? অথবা অলপতে নিযুক্তি দিবলৈ ওলোৱা ৯০ হাজাৰ পদৰ কিমানটা পদ উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ ভাগত পৰিব? উত্তৰ-পূব সীমান্তৰ বাবে পৰা পদকেইটাৰ কিমানটাত নিযুক্তিৰ সুবিধা ল’ব পাৰিব অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীয়ে। এই দুয়োটা কথাই গুৰুত্বপূৰ্ণ?
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে যোৱা বছৰৰ জুন মাহত ৰেইলৱেইত কমাৰ্চিয়েল এপ্ৰেনটিচ পদৰ বাবে নিৰ্বিচিত মালিগাওঁ ৰেইলৱেইৰ নিযুক্তি ব’ৰ্ডে প্ৰকাশ কৰা ৫১ জনীয়া তালিকাত এজনো থলুৱা প্ৰাৰ্থীৰ নাম নাছিল। তালিকাত নাম থকা অধিকাংশই আছিল উত্তৰ প্ৰদেশ আৰু বিহাৰৰ প্ৰাৰ্থী।
উক্ত ঘটনাৰ পিছতে ৰেইলৱেই ৰাজ্যৰ থলুৱা প্ৰাৰ্থীক বঞ্চনা কৰা বুলি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন আন দল-সংগঠনে ক্ষোভ-প্ৰতিবাদ কৰিছিল। কেন্দ্ৰীয় ৰেইল ৰাজ্যিক মন্ত্ৰীজন অসমৰ হোৱাৰ পিছতো ৰেইল বিভাগত ৰাজ্যৰ প্ৰাৰ্থীক অন্যায়ভাৱে বঞ্চিত কৰাৰ আঁৰত ৰেইলমন্ত্ৰী ৰাজেন গোহাঁইৰ অকৰ্মাণ্যতা বুলি আছুৱে ধিক্কাৰ দিছিল।
আনহাতে ৰাজেন গোহাঁয়ে নিজৰ বিতৰ্কিত মন্তব্যত কৈছিল যে অসমৰ যুৱক-যুৱতীৰ যোগ্যতা নাথাকিলে চাকৰি জোৰ কৰি দিব নোৱাৰি। নিজৰ ব্যৰ্থতাক ঢাকিবলৈ পৰোক্ষে তেওঁক অসমৰ যুৱক-যুৱতীৰে যোগ্যতা নাই বুলি দাবী কৰা দেখা গ’ল।
উল্লেখযোগ্য যে ৰাজেন গোহাঁই চাৰিবাৰকৈ লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছে। তাৰোপৰি তেওঁ যোৱা প্ৰায় দুবছৰ ধৰি ৰেইল দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হৈ আছে। কিন্তু ৰাজ্যিক ৰেইল মন্ত্ৰীজনৰ পৰা অঞ্চলটোৰ ৰাইজে যি ধৰণে উপকৃত হ’ম বুলি ভাবিছিল সেই ধৰণে একো হোৱা দেখা নগ’ল।