ৰাজ্যখনৰ বিভিন্ন স্থানত এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে আজি গোৱালপাৰাত আন এক তেনে জঘণ্য ঘটনা পোহৰলৈ আহিছে।
প্ৰাপ্ত তথ্য অনুসৰি এগৰাকী নাবালিকা ছাত্ৰীক যৌন উৎপীড়ন তথা ধৰ্ষণৰ চেষ্টা চলোৱাৰ অপৰাধত আজি গোৱালপাৰা আৰক্ষীয়ে এজন যোগ শিক্ষকক আটক কৰে।
আৰক্ষীৰ মতে গোৱালপাৰা পাব্লিক স্কুলৰ যোগ শিক্ষকজনে বিদ্যালয়খনৰ প্ৰস্ৰাৱগাৰৰ ভিতৰত এগৰাকী ১৪ বছৰীয়া ছাত্ৰীৰ ওপৰত যৌন উৎপীড়ন চলোৱাৰ চেষ্টা চলাইছিল।
অৱশ্যে ছাত্ৰীগৰাকীয়ে লম্পট শিক্ষকজনৰ কবলৰ পৰা পলাই সাৰিবলৈ সক্ষম হৈ বিদ্যালয় কৰ্তৃপক্ষক ঘটনাটো অৱগত কৰে।
পিছত ভোক্তভূগী ছাত্ৰী গৰাকীৰ অভিযোগৰ ভিত্তিত শিক্ষকজনক আজি আৰক্ষীয়ে আটক কৰে।
আটকাধীন শিক্ষকজনৰ নাম হুমায়ুন কবিৰ বুলি জানিব পৰা গৈছে।
গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰসাশনক দাবী জনাই গোৱালপাৰাত এক প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰে।