৯ বছৰৰ অন্তত আজিৰ পৰা আৰম্ভ হ’ব ৩০ অক্টোবৰৰ দ্ৰুত বিচাৰ প্ৰক্ৰিয়া

অভিশপ্ত ৩০ অক্টোবৰ ২০০৮, অসমৰ ইতিহাসৰ এটি কলংকিত দিন। সেই দিনটোতে সন্ত্ৰাসবাদীৰ বোমা বাৰুদৰ বলি হৈছিল বহুকেইজন লোক। আন বহুকেইজনে বিস্ফোৰণত হাত ভৰি হেৰুৱাই আজীৱন পঙ্গুত্বৰে কটাবলগীয়া হৈছে। বহু পৰিয়ালে বিগত কংগ্ৰেছ চৰকাৰ অথবা বৰ্তমানৰ চৰকাৰ খনে কোনোধৰণৰ সাহায্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে এক সিদ্ধান্ত। সিদ্ধান্ত অনুসৰি আজিৰ পৰা আৰম্ভ হ’ব কলংকিত ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দ্ৰুত বিচাৰ প্ৰক্ৰিয়া। উল্লেখযোগ্য যে বিস্ফোৰণৰ লগত জড়িত মুঠ ২২ জন অভিযুক্তৰ  ফাষ্টট্ৰেক  আদালতত বিচাৰ চলিব।

মহানগৰীৰ প্ৰাণকেন্দ্ৰ গণেশগুৰি, পাণবজাৰ আৰু কাছাৰী ঘাটকে ধৰি বৰপেটা ৰোড, কোকোৰাঝাৰত সংঘটিত হোৱা ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ তদন্ত প্ৰক্ৰিয়া চিবিআইৰ হাতত অৰ্পন কৰা হৈছে। ইতিমধ্যে চিবিআই ৰ ন্যয়াধীশৰ কক্ষ সাজু কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে চি বি আই এ ৮৫০ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিব । উল্লেখযোগ্য যে এই ঘটনাৰ তদন্তৰ বাবে বিশেষভাৱে অপৰেশ চক্ৰৱৰ্তীক ন্যায়াধীশ হিচাপে দ্বায়িত্ব দিয়া হৈছে।