ৰকিবুল হুছেইনৰ সম্পত্তিৰ সন্ধানত তিনিদিন ধৰি নগাঁৱত অব্যাহত দুৰ্নীতি নিবাৰকৰ অভিযান

Rockybul Hussain

প্ৰাক্তন কংগ্ৰেছী সতীৰ্থ আৰু বৰ্তমান নিলম্বত কংগ্ৰেছী অনিল ৰাজাৰ অভিযোগৰ ভিত্তিত কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পত্তিৰ সন্ধানত শনিবাৰেও অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে নগাঁৱত অভিযান চলাইছে। বিগত তিনিদিন ধৰি নগাঁৱত বাহৰ পাতি তদন্তকাৰী দলটোৱে অভিযান অব্যাহত ৰাখিছে।

জিলাখনৰ বিভিন্ন স্থানৰ লগতে নগাঁও চহৰৰ অলি গলিয়ে ৰকিবুল হুছেইনৰ অবৈধ সম্পত্তিৰ সন্ধানত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ দহজনীয়া দলটোৱে অভিযান চলাই আছে। বৃহস্পতিবাৰৰ অভিযান আৰম্ভ কৰা দলটোৱে শনিবাৰে নগাঁও চহৰৰ ষ্টেডিয়াম মাৰ্কেটত থকা এটিটিউড নামৰ স্পাখনত অভিযান চলায়। এই স্পাখন প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পত্নীৰ ভাগিনীয়েক গালিব মনচুৰ হাজৰিকাৰ নামত আছে বুলি জানিব পৰা গৈছে।

তদন্তকাৰী দলটোৱে লগতে চহৰখনৰ ইটাচালি আৰু শেনচোৱাত থকা আশুতোষ মটৰ্ছৰ দুয়োখন প্ৰতিষ্ঠানতে তালাচী চলাই যাৱতীয় নথি পত্ৰ পৰীক্ষা কৰে। দলটোৱে পিছত নগাঁও পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ব্যৱসায়ী দুজনৰ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰে।

এক সূত্ৰই জনোৱা মতে আশুতোষ মটৰ্ছৰ অনুজ্ঞাপত্ৰ ৰকিবুল হুছেইন এগৰাকী ঘনিষ্ঠ ব্যৱসায়ী দেৱাশীষ গোস্বামীৰ নামত আছে।

অনিল ৰাজাই অভিযোগ কৰা মতে ৰকিবুল হুছেইনৰ অবৈধ সম্পত্তি গালিব মনচুৰ হাজৰিকা, দেৱাশীষ গোস্বামী আৰু অভিনৱ বৰাৰ নামত আছে। অভিনৱ বৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মালিকাধীন বুলি পৰিচিত ‘জনসাধাৰণ’ কাকতখনৰ প্ৰকাশক আছিল।

আৰক্ষী অধীক্ষক প্ৰনৱজ্যোতি গোস্বামীৰ নেতৃত্বত অসমৰ আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ শাখাৰ দলটোৱে শুকুৰবাৰে হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ কেইবা স্তানতো অভিযান চলাইছিল।