• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

 ৰঙা চীনক ৰুধিবলৈ নাছা-ইছৰ’ৰ নতুন অভিযান— ‘মিছন ব্ৰহ্মপুত্ৰ’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2018 1:29 pm
brahmaputra
457
VIEWS
Share on FacebookShare on Twitter

মহাবাহু ব্ৰহ্মপুত্ৰক লৈ ৰঙা চীনৰ অভিসন্ধি ৰুধিবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰে গোপনে এক গুৰুত্বপূৰ্ণ চুক্তি সম্পাদন কৰিছে ভাৰতে।

মাৰ্কিন গৱেষণা সংস্থা ‘নেশ্যনেল এৰ’নটিকছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন’ ( নাছা ) আৰু ভাৰতীয় গৱেষণা সংস্থা ‘ইণ্ডিয়ান স্পেচ ৰিছাৰ্ছ অৰ্গেনাইজেশ্যন’ ( ইছৰো )ৰ মাজত স্বাক্ষৰিত চুক্তিখনৰ নাম হৈছে ‘নিছাৰ’ । যাৰ জৰিয়তে চীনৰ সীমাত থকা বৰলুইতৰ উজনি অংশত দিনে-নিশাই চকু ৰাখিবলৈ সংস্থাপন কৰা হ’ব এটা অত্যাধুনিক প্ৰযুক্তিসম্পন্ন কৃত্ৰিম উপগ্ৰহ।

উল্লেখযোগ্য যে ‘নিয়মীয়া বাৰ্তা’ নামৰ আগশাৰীৰ বাতৰি কাকতখনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ‘নিছাৰ’ৰ সম্পূৰ্ণ নাম দিয়া হৈছে ‘নাছা-ইছৰো ছিন্থেটিক এপাৰাচাৰ ৰাডাৰ’। উপগ্ৰহটোৰ নামকৰণো কৰা হৈছে ‘নিছাৰ’ ৰূপে। প্ৰায় ৯৬০ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৬,২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত তথা ২০২১ চনৰ ভিতৰত কক্ষপথত স্থাপন কৰিবলগীয়া ’নিছাৰ’ হ’বগৈ পৃথিৱীক প্ৰদক্ষিণ কৰিব পৰাকৈ দ্বৈত তৰংগযুক্ত প্ৰথমটো ‘ৰাডাৰ ইমেজিং ছেটেলাইট’।

প্ৰকাশিত বাতৰি মতে মাত্ৰ ১২ দিনৰ ভিতৰত ‘নিছাৰে’ পৃথিৱীক প্ৰদক্ষিণ কৰিব পাৰিব। অৰ্থাৎ ১২ দিনৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে যদি কোনো ধৰণৰ নতুন নিৰ্মাণকাৰ্য চলাবলৈ তৎপৰ হয় তেন্তে সেয়া ধৰা পেলাব উপগ্ৰহটোৱে।

কেইটামান ছেকেণ্ডৰ বাবেও যদি চীনে ব্ৰহ্মপুত্ৰ কিম্বা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত কোনো ধৰণৰ নিৰ্মাণকাৰ্যত ব্ৰতী হয় তেনেহ’লে নিছাৰৰ ‘বেক-আপ’ প্ৰযুক্তিৰে সেয়াও ধৰা পেলাব পৰা যাব।

প্ৰসংগক্ৰমে ‘ইছৰো’ আৰু ’নাছা’ৰ মাজত অলপতে স্বাক্ষৰিত এই চুক্তিখন পোহৰলৈ আনিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থাটোৰ ‘জেট প্ৰপালছন লেব’ৰ সহকাৰী অধ্যক্ষ লেৰী জেমছে। নতুন দিল্লীত ভাৰতীয় থিংক টেংক অৱজাৰ্ভাৰ ৰিছাৰ্চ ফাউণ্ডেশ্যনে শেহতীয়াকৈ আয়োজন কৰা ‘ভাৰত-মাৰ্কিন মহাকাশ সহযোগিতা’ শীৰ্ষক আলোচনা-চক্ৰত জেমছে দুই শীৰ্ষ মহাকাশ গৱেষণা সংস্থাৰ মাজত সম্পাদিত চুক্তিখন ৰাজহুৱা কৰে।

জেমছে কেৱল ব্ৰহ্মপুত্ৰক লৈ চীনৰ অভিসন্ধিক ৰুধিবলৈ ‘নিছাৰ’ চুক্তি সম্পাদিত হোৱা বুলি উল্লেখ কৰিছে যদিও এই চুক্তিৰ আঁৰত আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্নিবিষ্ট হৈ থকাৰ সম্ভাৱনা আছে।

লক্ষণীয়ভাৱে জেমছে চুক্তিখন সম্পূৰ্ণৰূপে অসামৰিক চুক্তি বুলি বাৰম্বাৰ উল্লেখ কৰিছে। কিন্তু ‘নিছাৰ’ প্ৰকল্পৰ মিছন মেনেজাৰ অলক চেটাৰ্জীয়ে কোনো লুক-ঢাক নৰখাকৈ কয় যে বেইজিঙে ব্ৰহ্মপুত্ৰৰ প্ৰসংগৰে দিল্লীৰ বিৰুদ্ধে জলযুদ্ধৰ প্ৰস্তুতি চলাই আছে। পিছে যুদ্ধ কেতিয়াও অসামৰিক বিষয় হ’ব নোৱাৰে। সেয়েহে ‘ইছৰো’ আৰু ‘নাছা’ৰ মাজত স্বাক্ষৰিত চুক্তি মৰ্মে ‘নিছাৰ’ প্ৰকল্প এটি অসামৰিক বিষয় যদিও ব্ৰহ্মপুত্ৰৰ গতিবিধিৰ ওপৰত চকু ৰখাৰ উপৰি চীন-ভাৰত সীমান্তত ‘নিছাৰ’-এ চোৰাংচোৱা হিচাপেও কাম কৰিব পৰাকৈ সক্ষম।আনহাতে উপগ্ৰহটোৱে মহাকাশৰ পৰা ‘থ্ৰী ডাইমেনচশ্যনেল’ ছবি প্ৰেৰণ কৰিব পাৰিব।

Recent News

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd