ৰঙিয়াত নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ পৰা ব্ৰাউন ছুগাৰসহ যুৱকক আটক

ৰঙিয়াৰ ৰেলৱে আৰক্ষীয়ে আজি পুৱা প্ৰায় ১১ বজাত ৰঙিয়া ষ্টেচনৰ ১নং প্লেটৰ্ফমত চলোৱা নিয়মীয়া তালাচীৰ সময়ত এজন লোকক ১ কিলোগ্ৰাম ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰাৰ লগতে ব্ৰাউন ছুগাৰ কঢ়িয়াই অনা ব্যক্তিজনকো আটক কৰে।

উল্লেখযোগ্য যে ১২৫০৫ নম্বৰৰ গুৱাহাটী-আনন্দ বিহাৰ অভিমুখী নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’লখন ৰঙিয়াত উপস্থিত হোৱাৰ লগে লগে ৰে’লৱে আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচী চলায়। তালাচী কালতে ৰে’লৱে আৰক্ষীয়ে ৰে’লখনৰ এটা শীত-তাপ নিয়ন্ত্ৰিত ডবাৰ পৰা যুৱকজনক ব্ৰাউন ছুগাৰসহ আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন যুৱকজন গাৰ্হিমেণ্ডুৰ নিৱাসী প্ৰয়াত মঃ আকিল খানৰ পুত্ৰ ওছমান খান (৩২) বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

তালাচীৰ দায়িত্বত থকা গৃহৰক্ষী কনক চন্দ্ৰ ডেকাই ৰে’লখনৰ শীত তাপ নিয়ন্ত্ৰিত ডবাটোত তালাচী চলোৱাৰ সময়ত ওছমানৰ আঁঠুৰ অংশ দুটা ফুলি থকা দেখি সন্দেহ উপজাত তালাচী চলাওঁতেই ব্ৰাউন ছুগাৰখিনি উদ্ধাৰ হয়।

বৰ্তমান আটকাধীন যুৱকজনক ৰঙিয়া ৰে’লৱে আৰক্ষী থানাত আৰু অধিক তথ্য উদ্ধাৰৰ বাবে সোধ-পোছা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। যুৱকজনৰ পৰা জব্দকৃত ব্ৰাউন ছুগাৰখিনিৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি ৰে’লৱে আৰক্ষীয়ে জানিবলৈ দিয়ে।