• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঙিয়াৰ প্ৰথমটো ডিজিটেল চিত্ৰ গৃহ আনুষ্ঠানিক ভাৱে মুকলি কৰিলে প্রস্তুতি পৰাশৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2018 1:59 pm
চিত্ৰগৃহ মুকলি প্ৰস্তুতি পৰাশৰৰ
129
VIEWS
Share on FacebookShare on Twitter

ৰঙিয়া চহৰত ‘ডিলাইট গ’ল্ড চিনেমা’ নামেৰে এটা চিত্ৰ গৃহ শুকুৰবাৰে মুকলি কৰা হয়। অসমীয়া  চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আনুষ্ঠানিকভাৱে চিত্ৰগৃহটো মুকলি কৰে।ৰঙিয়াৰ আগশাৰীৰ ব্যৱসায়ী দুলু শইকীয়াই প্ৰায় পাঁচ কোটি টকা ব্যয় সাপেক্ষে এই চিত্ৰগৃহটো নিৰ্মাণ কৰি উলিয়াইছে।

চিত্ৰগৃহটো মুকলি কৰি দিয়া ভাষণত অভিনেত্ৰীগৰাকীয়ে কয় যে ৰঙিয়াৰ ‘ডিলাইট গ’ল্ড চিনেমা’ই অসমীয়া চলচ্চিত্ৰক আগুৱাই নিয়াত প্ৰভূত সহায় কৰিব। যিসময়ত চৰকাৰে অসমত মিনি চিত্ৰগৃহ নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক আগুৱাই নিয়াৰ বাবে চিন্তা-চৰ্চা কৰিছে, তেনে সময়তে ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাত নিৰ্মাণ হোৱা এনে চিত্ৰগৃহই ৰাজ্যখনত এক সুস্থ সাংস্কৃতিক পৰিৱেশৰ সূচনা কৰিব।

তেওঁ কয় যে যিসময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু  সুন্দৰ সুন্দৰ চিত্ৰগৃহ দৰ্শকৰ অভাৱত বন্ধ হৈ গৈছে, সেই সময়ত ৰঙিয়াত এগৰাকী ব্যক্তিয়ে সাহস কৰি চিত্ৰগৃহ নিৰ্মাণৰ বাবে আগবাঢ়ি অহাটোৱেই সঁচাকৈয়ে আশাব্যঞ্জক কথা।

ৰঙিয়াৰ ‘ডিলাইট গ’ল্ড চিনেমা’ ই উক্ত অঞ্চলৰ ৰাইজৰ ভাল ছবি চোৱাৰ হেঁপাহ বহু পৰিমাণে পূৰণ কৰিব বুলি উল্লেখ কৰি প্ৰস্তুতিপৰাশৰে কয় যে ৰঙিয়াৰ নিচিনাকৈ অসমৰ অন্যান্য প্ৰান্ততো যদি এনেদৰে ডিজিটেল আৰ্হিৰ আধুনিক চিত্ৰগৃহ নিৰ্মাণ হয়, তেন্তে অসমীয়া ছবিৰ ভাল দিন নিশ্চয় ঘূৰি আহিব।

অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে সমগ্ৰ পৰিৱেশটো উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰৰো দায়িত্ব আছে। চৰকাৰৰ সহায় অবিহনে এয়া সম্ভৱ নহয়। তথাপি ব্যক্তিগত খণ্ডত এনেদৰে নিজৰ জেপৰ ধন খৰচ কৰি চিত্ৰগৃহ নিৰ্মাণৰ বাবে আগবাঢ়ি প্ৰশংসনীয় কথা।

চিত্ৰগৃহ মুকলি অনুষ্ঠানত ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, প্ৰাক্তন বিধায়ক অনন্ত ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয় শৰ্মা, ৰঙিয়া ৰে’ল সংমণ্ডলৰ জ্যেষ্ঠ সংমণ্ডল অভিযন্তা জে পি সিঙকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd