• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2025 7:19 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৬ বছৰীয়া নাবালক ছোৱালীৰ বলপূৰ্বক বিবাহৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ে বিহাৰ চৰকাৰলৈ জাননী জাৰি কৰিছে। একে সময়তে ছোৱালীজনী আৰু তেওঁৰ বন্ধুৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও নিৰ্দেশ জাৰি কৰা হৈছে। অভিযোগ অনুসৰি ছোৱালীগৰাকী পৰিয়াল গঢ়িব নিবিচৰাৰ বাবে বাৰে বাৰে ভাবুকি দিয়া হৈছে। সেয়ে নাবালিকাগৰাকীয়ে সুৰক্ষা বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

জানিব পৰা মতে, বিহাৰৰ কিশোৰীগৰাকীয়ে পঢ়া-শুনা কৰি নিজৰ ভৰিৰ ওপৰত থিয় দিব বিচাৰিছিল। কিন্তু মাত্ৰ ১৬ বছৰ বয়সতে ছোৱালীগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে ৩৩ বছৰীয়া এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০২৩ চনৰ ৯ ডিচেম্বৰত বিয়াৰ লগে লগে তাইক শহুৰেকৰ ঘৰলৈ পঠিওৱা হৈছিল।সেই সময়ত কিশোৰীগৰাকীয়ে মাধ্যমিকৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। কিশোৰীগৰাকীয়ে আৰম্ভণিৰে পৰা পৰিয়াল গঢ়িব বিচৰা নাছিল। কিন্তু কোনেও কিশোৰীগৰাকীক দেউতাকৰ ঘৰলৈ লৈ যোৱা নাছিল। ইয়াৰ বিপৰীতে তেওঁলোকে ইয়াক বিভিন্ন ধৰণে বুজাবলৈ চেষ্টা কৰিছে।

Apply Now

ছোৱালীজনীৰ শহুৰেকে দাবী জনাইছে যে তেওঁলোকে বিয়াখনৰ বাবে বহুত টকা খৰচ কৰিছিল আৰু এতিয়া তেওঁলোকে বিচাৰিছে এজন ‘উত্তৰাধিকাৰী’। আনহাতে, পেছাত ঠিকাদাৰ কিশোৰীগৰাকীৰ স্বামীয়ে কয় যে, “তাইৰ (পত্নীৰ) পৰিয়াল আমাৰ ওচৰত ঋণী, গতিকে তাই আমাৰ লগত থাকিবলৈ বাধ্য হৈছে।” শাৰীৰিক সংগমৰ বাবে সন্মতি নিদিয়াৰ বাবে তেওঁক প্ৰায়ে প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। আনকি নাবালকজনৰ স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে তেওঁ ৰাজহুৱাভাৱে ভাবুকি দিছিল, “মই তাইক হত্যা কৰিলে জেললৈ যাবলৈ ইচ্ছুক।”

জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত বহু প্ৰতিকূলতাৰ মাজতো তেওঁ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত যেতিয়া কিশোৰীগৰাকীক শহুৰেকৰ ঘৰলৈ ঘূৰাই পঠিয়াবলৈ হেঁচা পৰিল, তেতিয়া নাবালকজনীয়ে বাট বিচাৰি নাপাই বন্ধু এজনৰ সৈতে পলাই গ’ল। ৩১ মাৰ্চত তেওঁলোকে প্ৰথম বাৰাণসীলৈ গৈছিল। তেওঁলোকৰ সন্ধানত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হয়। কিশোৰীগৰাকীৰ পৰিয়ালে অপহৰণৰ অভিযোগ উত্থাপন কৰি বন্ধুৰ লগতে পিতৃ, মাতৃ আৰু ককাকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

উচ্চতম ন্যায়ালয়ক জনোৱা মতে, বন্ধুৰ পৰিয়ালকো হেঁচা প্ৰয়োগ কৰি ছোৱালীজনীক মুকলি কৰি দিয়াৰ ভাবুকি দিয়া হৈছে। আনকি তেওঁৰ পিতৃকো ভুৱা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। এই গ্ৰেপ্তাৰৰ উদ্দেশ্য আছিল কেৱল বন্ধুক ভয় খুৱাই ছোৱালীজনীক পৰিয়ালৰ ওচৰলৈ ঘূৰাই অনা। আবেদনখনত উল্লেখ কৰা হৈছে যে ৰাজ্য প্ৰশাসনে ‘The Prohibition of Child Marriages Act, 2006’ৰ নিৰ্দেশনা অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। অভিযোগৰ ভিত্তিত এই বিষয়ত হস্তক্ষেপ কৰিলে উচ্চতম ন্যায়ালয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানি ১৫ জুলাইত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd