ৰঙিয়া আৰক্ষীৰ জালত তীৰ খেলৰ বুকী

ধৃত কাবুল আলী

শুকুৰবাৰে ৰঙিয়া চহৰৰ আৰক্ষীয়ে চলোৱা এক অভিযানত চহৰখনৰ ৫ নং ওৱাৰ্ডৰ পৰা এজন তীৰৰ বুকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন তীৰৰ বুকীজনে নিজকে কাবুল আলী বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে বুকীজনৰ পৰা নগদ ৫০০০ টকা, কিছু তীৰৰ টিকট আৰু আপত্তিজনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। ৰঙিয়া আৰক্ষী পৰিদৰ্শক অমৰ ঘোষৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ৰঙিয়া চহৰত অভিযান চলাই তীৰৰ বুকীজনক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ৰঙিয়া চহৰত দীৰ্ঘদিন ধৰি অবৈধভাবে তীৰ খেলৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে। অবাধে চলি থকা এই তীৰ খেল উৎখাত কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলা বুলি আৰক্ষী পৰিদৰ্শক অমৰ ঘোষে আমাৰ আগত জানিবলৈ দিয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰেই  কিছু দুষ্ট চক্ৰই তীৰ খেলৰ অবৈধ বেহা চলাই আহিছে। এই ক্ষেত্ৰত অসম আৰক্ষীৰ ভুমিকা কি হ’ব সেয়া সময়ত লক্ষণীয় হ’ব।