NORTHEAST NOW (Assamese)

ৰজনী খাৰঘৰীয়া আৰু পত্নীৰ আত্মহত্যাৰ ঘটনা : পুত্ৰ দেৱাশিস খাৰঘৰীয়াক গ্ৰেপ্তাৰ

July 19, 2018 12:12 pm · এন ই নাও নিউজ
Updated: July 19, 2018 7:47 pm

শিৱসাগৰৰ সাংস্কৃতিক কৰ্মী তথা এসময়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াৰ আকস্মিক মৃত্যুৰ বাবে জগৰীয়া তেওঁলোকৰ কুলাংগাৰ পুত্ৰ দেৱাশিস খাৰঘৰীয়াক  আৰক্ষীয়ে গুৱাহাটীৰ পৰা বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁক আৰক্ষীয়ে শিৱসাগৰলৈ নিয়ে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বুধবাৰে নিশা মহানগৰীৰ ছয়মাইলৰ পৰা কুলাংগাৰ পুত্ৰ দেৱাশিস খাৰঘৰীয়াক গ্ৰেপ্তাৰ কৰে আৰু এই অভিযান চলিছিল শিৱসাগৰ জিলাৰ উপ–আৰক্ষী অধীক্ষক প্ৰফুল্ল সোণোৱালৰ নেতৃত্বত।

মন কৰিব লগীয়া যে চোৱাচিতাৰ বাবে আৰ্থিক সক্ষমতা থকা সত্ত্বেও নিজৰ মাক-দেউতাকক চৰম অৱহেলাৰে ভাৰাঘৰত থাকিবলৈ বাধ্য কৰাইছিল দেৱাশিসে। দেৱাশিসৰ ৰুগ্ন মাকৰ এটা ইনছুলিনৰ বাবেও টকা নোহোৱা অৱস্থাত যোৱা ৩০ জুনত ভাৰাঘৰতে অস্বাভাৱিক মৃত্যু হোৱাৰ লগতে দেউতাকেও একেদিনাই আত্মহত্যা কৰিছিল ভাৰাঘৰৰ কোঠাতে।

একমাত্ৰ পুতেক হৈও মাক-দেউতাকক অস্বাভাৱিক মৃত্যুৰ মুখলৈ ঠেলি দিয়া দেৱাশিস খাৰঘৰীয়া আৰু তেওঁৰ পত্নী গীতাশ্ৰী দুৱৰাই ঘটনাৰ পিছৰ পৰাই আত্মগোপন কৰি আছে। ঘটনাৰ পিছদিনা যেতিয়া মৃতদেহ উদ্ধাৰ হয়, তেতিয়া দেৱাশিস আৰু গীতাশ্ৰী ডিমৌত দেৱাশিসৰ শহুৰ-শাহুৱেকৰ ঘৰত আত্মগোপন কৰিছিল। কিন্তু আৰক্ষী যোৱাৰ পূৰ্বে তেওঁলোক তাৰ পৰা আঁতৰি যায়।

উল্লেখযোগ্য যে মাক-দেউতাকৰ অস্বাভাৱিক মৃত্যুৰ পিছতে ইয়াৰ বাবে জগৰীয়া কৰি সৰু বায়েকে ভায়েক দেৱাশিস আৰু তেওঁৰ পত্নী গীতাশ্ৰীৰ বিৰুদ্ধে গোচৰ দিছিল শিৱসাগৰ থানাত।

আনহাতে গ্ৰেপ্তাৰ হোৱা গীতাশ্ৰী দুৱৰা গ্ৰেপ্তাৰ হ’লে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হোৱাৰ বাবে ‘প্ৰণাম’ৰ আওতাত পৰাৰ সম্ভাৱনা থকাৰ লগতে দেৱাশিস খাৰঘৰীয়াৰ ওপৰতো অ’ এন জি চি কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Related News