NORTHEAST NOW (Assamese)

ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাক প্রত্যাহবান জনাই উচ্চতম ন্যায়ালয়ত দাখিল আৱেদন

August 31, 2021 11:56 am · এন ই নাও নিউজ
Updated: September 1, 2021 12:04 pm

ভাৰতৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰাক প্রত্যাহবান জনাই উচচতম ন্যায়ালয়ত দাখিল কৰা হৈছে এখন আৱেদন।

মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্রহণ কৰাৰ চাৰি মাহ পাছত গগৈক ২০২০ৰ মার্চত নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজ্যসভালৈ মনোনীত কৰিছিল৷

ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাৰ সময়ত দেশৰ বহুসংখ্যক সাংবিধানিক বিশেষজ্ঞ, অধিকাৰ কর্মীৰ লগতে অন্যান্য ক্ষেত্ৰৰ ব্যক্তিয়ে সেই সিদ্ধান্তক সমালোচনা কৰিছিল৷

উক্ত ব্যক্তিসকলে কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজৰ ক্ষমতাৰ সাংবিধানিক পৃথকীকৰণ ধূসৰ হৈ পৰা বুলি সমালোচনা কৰিছিল।

সম্প্ৰতি ৰঞ্জন গগৈক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীয় কৰাক প্রত্যাহবান জনাই অধিবক্তা তথা সমাজকর্মী সতীশ এছ কাম্বিয়েই উচচতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰিছে৷

কাম্বিয়ে কি যোগ্যতাৰ ভিত্তিত গগৈক উচচ সদনলৈ মনোনীত কৰা হ’ল সেই প্রশ্ন উত্থাপন কৰিছে ৷ তেওঁ উল্লেখ কৰে যে গগৈয়ে কোনো কিতাপ-পত্রও লিখা নাই, কোনো সামাজিক, বৈজ্ঞানিক, সাহিত্যিক তথা সাংস্কৃতিক কাম-কাজৰ লগতো আনকি তেওঁ জড়িত নহয়৷ তেওঁক কি গুণৰ ভিত্তিত মনোনীত কৰা হ’ল সেই বিষয়ে ৰাজ্যসভাৰ বেবছাইটত কোনো উল্লেখ নাই৷

উল্লেখ্য যে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাৰ ঠিক পাছতে শিক্ষাবিদ তথা অধিকাৰ কর্মী মধু কিশ্বৰেও এক ৰাজহুৱা স্বার্থ জড়িত গোচৰ তৰি গগৈৰ নিযুক্তিয়ে ন্যায়পালিকাৰ স্বতন্ত্রতাত প্ৰভাৱ পেলোৱা বুলি অভিযোগ কৰিছিল।

Related News