ৰহাৰ টোলগেট পুনৰ মুকলি কৰাৰ বিৰুদ্ধে ৰাজ্যিক এন এছ য়ু আইৰ প্ৰতিবাদ : এঘণ্টা ধৰি জি এছ ৰ’ডত সৃষ্টি হ’ল তীব্ৰ যানজঁট

NSUI

ৰহাৰ টোলগেট পুনৰ মুকলি কৰাৰ বিৰুদ্ধে ৰাজ্যিক এন এছ য়ু আইৰ প্ৰতিবাদ।

২০১৫ চনত পূৰ্বৰ চৰকাৰে ৰাইজৰ তীব্ৰ প্ৰতিবাদত সেও মানি বন্ধ কৰি দিয়া ৰহাৰ টোলগেট বৰ্ধিত নিৰিখৰ পথশুল্কৰ সৈতে বিজেপি চৰকাৰে পুনৰ মুকলি কৰাৰ প্ৰতিবাদত আজি অসম ৰাজ্যিক এন এছ য়ু আইয়ে গুৱাহাটীৰ এ বি চিস্থিত কংগ্ৰেছ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ৩:০০ বজাত এই প্ৰতিবাদটো আৰম্ভ কৰে আৰু প্ৰায় ৪৫ মিনিট সময় এ বি চি অঞ্চলৰ ৰাজপথ আবদ্ধ কৰি ৰাখে। ফলত জি এছ ৰ’ডত সেই সময়ছোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলৰ মাজৰে প্ৰায় ১০ গৰাকী প্ৰতিবাদকাৰীক ভঙাগড় আৰক্ষীয়ে আটক কৰি লৈ যায়।

প্ৰতিবাদকাৰীসকলে ‘জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ, ৰহা টোলগেট বন্ধ কৰক’ ইত্যাদি ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে।

প্ৰতিবাদত অংশগ্ৰহণ কৰা অসম ৰাজ্যিক এন এছ য়ু আইৰ ৰাজ্যিক সভাপতি জ্যোতিবিকাশ চাংমায়ে নৰ্থ-ইষ্ট নাওক জনাই যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈয়ে তেওঁলোকে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ মাৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।

আনহাতে শাসনাধীন বিজেপি চৰকাৰক ‘শোষণকামী তথা জনতাৰ দুখ বুজি নোপোৱা চৰকাৰ’ আখ্যা দি কয় যে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পাছতো আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বৰ্বৰভাৱে আটক কৰি লৈ গৈছে।

“বিজেপি চৰকাৰখনে পুঁজিপতি গোষ্ঠীকহে সন্তুষ্ট কৰিব পাৰে। এজন পুঁজিপতি যদি সন্তুষ্ট নহয় তেন্তে অন্য এগৰাকী পুঁজিপতিক কিবা কৰি হ’লেও সন্তুষ্ট কৰিবৰ বাবে চেষ্টা কৰে।” এইদৰে কয় নেতাজনে।

ৰাজ্য চৰকাৰখনক তথা প্ৰশাসনক ৰাজপথ অৱৰোধ কৰি সকীয়াই দিয়া বুলি মন্তব্য কৰি চাংমায়ে কয়, “ৰহা টোলগেট যদি বন্ধ নকৰে পৰৱৰ্তী পৰ্য্যায়ত ভয়ংকৰ প্ৰতিবাদী কাৰ্য্যসূচী হাতত ল’বলৈ বাধ্য হ’ম।”