ৰহাৰ টোল গে’টৰ কৰ দেশৰে সৰ্বাধিক, বিৰোধিতা কংগ্ৰেছৰ

Debabrata Saikia Assam Legislative Assembly Leader of Opposition along with APCC president Ripun Bora addressing press conference at Rajib Bhavan in Guwahati on16-07-18. Pix BY UB Photos

ফাইল ফটো

ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো নিয়ম উলংঘা কৰি দেশৰ ভিতৰত সৰ্বাধিক কৰ আৰোপেৰে ৰহাৰ টোল গে’ট মুকলি কৰি বিজেপি চৰকাৰে অসমৰ ৰাইজৰ মূৰত মাধমাৰ সোধাইছে বুলি অভিযোগ কৰি এই টোল গে’টৰ বিৰোধিতা কৰিছে কংগ্ৰেছে।

শেহতীয়াকৈ মুকলি কৰা ৰহাৰ টোল গে’টৰ কৰ দেশৰ ভিতৰতে সৰ্বাধিক বুলি আজি ১৬ জুলাইত তথ্য দাঙি ধৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

সংবাদমেলত সৰু গাড়ীৰ ক্ষেত্ৰত কেইবাখনো ৰাজ্যৰ টোল গে’টৰ কৰৰ পৰিমাণ আৰু সেই কৰ দি কিমান দৈৰ্ঘ্য অতিক্ৰম কৰিব পাৰে তাৰ তথ্য দাঙি ধৰে। ‘অসমৰ চুবুৰীয়া মেঘালয়ত ৬৫ টকাৰে ১৩৫.৫ কি.মি., মধ্য প্ৰদেশত ৭৫ টকাৰে ৫৮৪.৫ কি.মি., পশ্চিমবংগত ৭৫ টকাৰে ৬৪৬ কি.মি., অন্ধ্ৰ প্ৰদেশত ৪৫ টকাৰে ৩৪৮.৭২ কি.মি. আৰু কৰ্নাটকত ৪০ টকাৰে ৩০০.৪৮ কি.মি.’ অতিক্ৰম কৰিব পাৰি বুলি তথ্য দাঙি ধৰে বৰাই।

বৰাই লগতে কয় অসমত ১০০ টকাৰে ৰাষ্ট্ৰীয় ঘাইপথত মাত্ৰ ২৫৪.৫১ কি.মি.হে অতিক্ৰম কৰিব পাৰি।

অসমত কম দূৰত্বতে এটা অসম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত অধিক কৰ ৰাইজৰ ওপৰত জাপি দিয়া বুলিও বৰাই মন্তব্য কৰে। ‘এয়া এক জন বিৰোধী ব্যৱস্থা আৰু ইয়াৰ জৰিয়তে ৰাইজৰ মূৰত মাধমাৰ সোধোৱা হৈছে,’ বৰাৰ অভিযোগ।

‘বিজেপি চৰকাৰে কেৱল কৰ সংগ্ৰহৰ বাবে সকলো আইন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিয়ম উলংঘা কৰি এই টোল গে’ট খুলিছে,’ বুলিও বৰাই গুৰুতৰ অভিযোগ উত্থাপন কৰে।

‘টোল সংগ্ৰহৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যি নিৰ্দেশনা আৰু টোল গে’টৰ যিবিলাক নিয়ম সেইবিলাক ৰহাত কাৰ্যকৰী নাই হোৱা,’ ৰিপুন বৰাৰ দাবী।

‘অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ এতিয়াও সম্পূৰ্ণ হোৱা নাই। ৰাষ্টা বহু ঠাইত ভাগি খাল হৈ গৈছে আৰু তাৰ মেৰামতি হোৱা নাই। ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰ আৰু পথৰ দুই কাষে বৃক্ষ ৰোপণ হ’ব লাগে সেয়া হোৱা নাই। ৰাষ্টাত সম্পূৰ্ণৰূপে ষ্ট্ৰীট লাইট হ’ব লাগিছিল সেয়াও হৈ উঠা নাই,’ অভিযোগ বৰাৰ।

ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিয়ম অনুসৰি থাকিব লগা শৌচাগাৰ, জৰুৰী হেল্পলাইন তথা কল চেন্টাৰ আৰু পথৰ দুয়োকাষে ষ্টীলৰ বেৰৰ নিৰ্মাণো এতিয়ালৈ অসমত সম্পূৰ্ণ নোহোৱাৰ কথাও বৰাই আঙুলিয়াই দেখুৱায়।

উল্লেখযোগ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনটো ৰহাৰ টোল গে’ট মুকলি কৰা হৈছিল যদিও ৰাইজৰ আপত্তিৰ পিছত পিছত সকলো টোল গে’ট বন্ধ কৰি দিয়া হৈছিল।