• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ৰহাৰ টোল গে’ট বন্ধ কৰক, হস্তক্ষেপ কৰক মুখ্য মন্ত্ৰী সোণোৱালে

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
July 13, 2018 6:27 pm
toll gate at assam's roha

যোৱা ১১ জুলাইত ৰহাত টোলগেইট স্থাপনৰ বিৰোধিতাৰে উলিওৱা সমদলৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি কৰ দিব। কৰ দিবলৈ আপুনি আগ্ৰহী| কিন্তু কিহৰ বাবে? বিনিময়ত বিচাৰিব যি কাৰণে কৰ দিছে তাৰ সুফল। কৰ দিয়াৰ ফলত নাগৰিকে সুফল পাব লাগিব। তেতিয়াহ’লে কৰ দিবলৈ কাৰো আপত্তি নাথাকিব।

আমাৰ দেশ তথা ৰাজ্যত কথাটো এনেকুৱা নহয়। কৰৰ বোজা আমাৰ মূৰৰ ওপৰত জাপি যাব চৰকাৰে। আৰু কৰদাতাৰ ধনেৰে কৰিবলগীয়া কাম নকৰে। আৰু কৰ সংগ্ৰহৰ বাবে যোগ্য হোৱা ক্ষেত্ৰতহে কৰ সংগ্ৰহ কৰিব লাগে। এয়াই নীতিগত কথা। কিন্তু ৰহাৰ টোল গে’ট আৰম্ভ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্বেচ্ছাচাৰিতাৰ প্ৰমাণ দেখুৱাইছে।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰহাত বহুওৱা হৈছে টোল গে’ট। এই টোল গে’টত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা বাহনৰ পৰা কৰ সংগ্ৰহ কৰা হৈছে। ৰহাৰ টোল গে’ট এতিয়াই আৰম্ভ নকৰিবলৈ বিভিন্ন সংগঠন আৰু ৰাইজে দাবী জনাইছিল। কিন্তু ৰাইজৰ দাবী তথা বিভিন্ন সংগঠনৰ গণতান্ত্ৰিক প্ৰতিবাদক আওকাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১২ জুলাইৰ পৰা আৰম্ভ কৰিলে টোল গে’ট। এই টোল গে’ট ২০১৫ চনত আৰম্ভ কৰিব বিচাৰোঁতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ বিৰোধিতাৰ বাবে বন্ধ হৈ পৰিছিল। বৰ্তমান টোল গে’ট খৰখেদাকৈ কিয় আৰম্ভ কৰা হৈছে? ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টোল গে’টৰ জৰিয়তে কৰ সংগ্ৰহ কৰিব পৰা পৰ্যায় আহিছেনে? কৰ দি অহা-যোৱা কৰিবলগীয়া পথ হয়নে এইটো?

বৰ্তমান কেন্দ্ৰীয় চৰকাৰে টোল গে’টৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি ঘাইপথ মেৰামতিত সেই পুঁজি খৰচ কৰাৰ কথা কৈছে। ঘাইপথত কৰ দি যান-বাহন চলাচল কৰিব পৰা অৱস্থা পথটোৰ লগতে সংশ্লিষ্ট অঞ্চল তথা ৰাইজৰ থাকিব লাগিব। অৰ্থাৎ কৰ দিব পৰা অৱস্থালৈ উত্তৰণ ঘটাৰ পিছতহে আৰম্ভ কৰিব পাৰি টোল গে’ট। তেন্তে অসমত সঁচাকৈয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কৰ দিব পৰা অৱস্থা আহিছেনে? পথটোৱেদি অহা-যোৱা কৰা যিকোনো লোকেই একেষাৰে ক’ব মুঠেও সেই পৰিৱেশ অহা নাই। মেৰামতিৰ অভাৱত এক প্ৰকাৰ যাতায়াতৰ অনুপযোগী হৈ পৰিছে এই পথটো। ঠায়ে ঠায়ে পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। ৰাষ্ট্ৰীয় ঘাইপথ নে কি ধৰিবই নোৱাৰি।

বৰ্তমান চৰকাৰৰ আমোলত ঘাইপথটোৰ সামগ্ৰিক মেৰামতিৰ বাবে আজিলৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। মাজে মাজে কেই কিলোমিটাৰমান মেৰামতি কৰিয়েই দায়িত্ব সামৰিছে। মেৰামতি কৰা পথচোৱাৰ অৱস্থাও ভাল নহয়। কিছুদিনৰ পিছতেই চপৰাচপৰে এৰাইছে পকী পথ। এই ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত এক প্ৰকাৰ দুৰ্বিষহ হৈ পৰিছে। পথটো মেৰামতিৰ বাবে ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত প্ৰায় প্ৰতিদিনেই প্ৰতিবাদ চলি আছে।

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমলৈ আহি শীঘ্ৰেই পথ মেৰামতি হ’ব বুলি দিয়া আশ্বাস ফুটুকাৰ ফেনত পৰিণত হ’ল। স্বয়ং কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নিৰ্দেশো মনা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। ইয়াকে লৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো ক্ষুব্ধ হৈ পৰিছে। এই পৰিস্থিতিত ৰহাৰ টোল গে’ট তেনেহ’লে কিয় আৰম্ভ কৰিছে? ইয়াৰ উদ্দেশ্য কি? কাৰোবাৰ কিবা অভিসন্ধি আছে নেকি? স্বাভাৱিকতে এইবিলাক প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত।

প্ৰতিবাদকাৰীসকলেও টোল গে’ট আৰম্ভ কৰিব পৰা পৰিস্থিতি অহা নাই বুলিহে কৈ আহিছে। বিশেষকৈ পথটোৰ সম্পূৰ্ণ মেৰামতি আৰু চাৰি লে’নযুক্ত ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱালৈকে টোল গে’ট আৰম্ভ কৰাৰ বিৰোধিতা কৰা হৈছে। প্ৰতিবাদকাৰীৰ সৈতে প্ৰশাসনৰ আলোচনাও হৈছে। কিন্তু এই সকলোবোৰ দিশ আওকাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আৰম্ভ কৰিলে টোল গে’ট।

টোল গে’টত কৰ দিয়াৰ লগে-লগে ব্যক্তিগত বাহনৰ গৰাকীৰপৰা আৰম্ভ কৰি বাণিজ্যিক বাহনৰ গৰাকীলৈকে সকলোৰে ওপৰত কৰৰ বোজা আহিল। এই প্ৰত্যক্ষ কৰে বিভিন্ন ক্ষেত্ৰত পৰোক্ষ প্ৰভাৱ পেলাব। বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব।

আন্তঃগাঁথনিৰ ক্ষেত্ৰত অতি দুৰ্বল অসমত ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াতৰ বাবে কৰ দিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক। বাট-পথ উন্নত হোৱাৰ লগতে ৰাজ্যখনৰ আন আন দিশবোৰো সুচল হোৱাহেঁতেন হয়টো ৰহাৰ টোল গে’টৰ বিৰোধিতা নকৰিলেহেঁতেন। কিন্তু বৰ্তমান পৰিস্থিতিত কোনো পধ্যেই কৰ দি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত কৰিবলগীয়া পৰ্যায় অহা নাই। অৰ্থাৎ কৰ সংগ্ৰহ কৰিব পৰাকৈ ৰাইজক সুবিধা দিব পৰা নাই চৰকাৰে। কেৱল কৰ সংগ্ৰহ কৰিলেই নহ’ব, তাৰ বিনিময়ত পাবলগীয়া সুবিধাও ৰাইজে পাব লাগিব। এয়াই প্ৰাথমিক চৰ্ত। কিন্তু তাক আওকাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা কেন্দ্ৰীয় চৰকাৰে স্বেচ্ছাচাৰিতাৰ প্ৰমাণ দিছে।

এই ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। আমি ভাবোঁ- মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়টোত হস্তক্ষেপ কৰিব লাগে। টোল গে’টক লৈ ৰাইজৰ মাজত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাক উপলব্ধি কৰিব লাগিব মুখ্য মন্ত্ৰী সোণোৱালে। কাৰণ ৰাজ্যৰ বিধ্বস্ত বাট-পথে সোণোৱাল চৰকাৰৰ ব্যৰ্থতাক প্ৰতীয়মান কৰিছে। এই ব্যৰ্থতাৰ মাজতেই ভূতৰ ওপৰত দানহ পৰাদি আহিছে ৰহাৰ টোল গে’ট।

এক কথাত ক’বলৈ গ’লে বৰ্তমান পৰিস্থিতিত অনতিপলমে বন্ধ কৰক এইখন টোল গে’ট। অন্যথা টোল গে’টৰ কৰক লৈ আৰু অধিক প্ৰতিবাদ হ’ব। আৰু জনৰোষৰ বলি হ’ব লাগিব চৰকাৰ।

ইয়াৰ লগতে ৰহাৰ টোল গে’টৰ কৰৰ হাৰো যথেষ্ট বেছি হোৱা পৰিলক্ষিত হৈছে। ভাৰতৰ আন ঠাইৰ তুলনাত নালাগে, মেঘালয়ৰ তুলনাতো ৰহাত কৰ বেছি হৈছে।

মোদী চৰকাৰে অটল বিহাৰী বাজপেয়ীৰ সপোনৰ বাট-পথ বাস্তৱত নিৰ্মাণ কৰক। বিজেপিৰ পিতামহ বাজপেয়ীয়ে বিধ্বস্ত ঘাইপথত কৰৰ বোজা জাপি দিবলৈ কোৱা নাছিল।

(লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। ই মে’ইল : [email protected])

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd