ৰহিংগীয়া শৰণাৰ্থীক ঘূৰাই ল’বলৈ সাজু হৈছে ম্যানমাৰ চৰকাৰ!

Aung-San-Suu-K.jpg

ৰহিংগীয়া শৰণাৰ্থী সমস্যাই দিনক দিনে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ম্যানমাৰৰ নেত্ৰী আং ছান ছ্যু-কীয়ে।

শৰণাৰ্থী ৰহিংগীয়া সকলৰ অৱস্থা চাবলৈ অহা ৰাষ্ট্ৰসংঘৰ এটা সঁজাতী দলৰ আগত মঙলবাৰে ছ্যু কীয়ে প্ৰকাশ কৰিছে যে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে যিসকল ৰহিংগীয়াই প্ৰমাণ দিব যে তেওঁলোকে প্ৰকৃততে ম্যানমাৰৰ পৰাই পলায়ন কৰিছিল তেনে ৰহিংগীয়াক ৰাষ্ট্ৰখনে গ্ৰহণ কৰিব। কিন্তু ইয়াৰ বাবে তেওঁলোকে যাৱতীয়া পৰীক্ষণ পক্ৰিয়া সম্পূৰ্ণ কৰাটো বাধ্যতামূলক হ’ব।

উল্লেখযোগ্য যে ম্যানমাৰৰ জুণ্টা সামৰিক বাহিনীৰ চৰম অত্যাচাৰৰ বাবে বিগত বৰ্ষৰ আগষ্ট মাহত প্ৰাণৰ মমতাত প্ৰায় ৭০০,০০০ ৰহিংগীয়াই চুবুৰীয়া বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰিছিল। সেই সময়ছোৱাত ম্যানমাৰত সংখ্যালঘু হিচাপে বিবেচিত বহু হাজাৰ ৰহিংগীয়াক হত্যা কৰিছিল ৰাষ্ট্ৰখনৰ সেনাবাহিনীয়ে।

আনহাতে বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰা শৰণাৰ্থী সকলৰো অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে।

বাংলাদেশত থকা ৰহিংগীয়া শৰণাৰ্থী শিবিৰ সমূহৰ অৱস্থাৰ বুজ ল’বলৈ উপস্থিত হোৱা ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি দলটোৱে এই ভ্ৰমণ কালতে ম্যানমাৰৰ সামৰিক বাহিনীৰ মুৰব্বী জেনেৰেল মিন আঙকো সাক্ষাৎ কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ম্যানমাৰ চৰকাৰে ৰহিংগীয়া সকলক নাগৰিক হিচাপে স্বীকৃতি নিদিয়ে। তেওঁলোকে ৰহিংগীয়া সকলক বাংলাদেশৰ পৰা পলাই অহা লোক হিচাপে গণ্য কৰে। সেয়েহে ছ্যু কীয়ে কোৱা ধৰণে ৰাষ্ট্ৰখনে ৰহিংগীয়া শৰণাৰ্থীসকলক গ্ৰহণ কৰে নে নাই সেয়া সকলোৰে বাবে এক অবুজ সাঁথৰ।