ৰাইজে চৰকাৰৰ কাম-কাজৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে : মুখ্যমন্ত্ৰী সোণোৱাল

বৰপেটাৰোড

‘’এতিয়া চাকৰিৰ বাবে মন্ত্ৰী-বিধায়কৰ ওচৰ চাপিব নালাগে। নিজৰ যোগ্যতাৰে আজিৰ প্ৰজন্মই চাকৰি লাভ কৰিছে। ৰাইজে চৰকাৰৰ কাম-কাজৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে,’’- বহুদিনীয়া আশা পূৰণ কৰি শুকুৰবাৰে বৰপেটাৰোডত মুখ্যমন্ত্ৰী সোণোৱালে বৰপেটাৰোড চহৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা ৬নং ৰাজ্যিক গড়কাপ্টানী পথটোৰ ৰে’লপথৰ ওপৰত ৪৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া অ’ভাৰব্ৰীজ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

বৰপেটাৰোডত স্থানীয় গোপীনাথ বৰদলৈ হাইস্কুল খেলপথাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে নিৰ্মাণকাৰ্যৰ শুভ আৰম্ভণি কৰি গোপীনাথ বৰদলৈক সোঁৱৰণ কৰে। ভাষণত সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰাৰ বাবে শ্ৰীমন্ত শংকৰ-মাধৱ গুৰু দুজনাই দেখুৱাই যোৱা আদৰ্শৰ কথা উল্লেখ কৰে।

মুখ্যমন্ত্ৰীয়ে ৰূপকোঁৱৰৰ গীতৰ উল্লেখেৰে অসমৰ নৱ প্ৰজন্মক বিশ্ব জয় কৰিব লাগিব বুলি আহ্বান জনায়। দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে ৰাজ্যৰ যুৱ প্ৰজন্মক দক্ষ কৰি গঢ়ি তোলা হ’ব বুলি তেওঁ  কয়। দুৰ্নীতিমুক্ত চৰকাৰ গঠনৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতাক প্ৰশংসা কৰি দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক জে’ললৈ পঠোৱাৰ কথাও উল্লেখ কৰে।

আনহাতে,, সভাখনত ভাষণ দি বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুবছৰৰ ভিতৰত অ’ভাৰব্ৰীজখনৰ নিৰ্মাণকাৰ্য সম্পন্ন হ’ব বুলি প্ৰকাশ কৰে। মন্ত্ৰীজনে সৰভোগতো ৰে’ল পথৰ ওপৰত এখন অ’ভাৰব্ৰীজ হ’ব বুলি ঘোষণা কৰে। তেওঁ লগতে কয় যে দুবছৰৰ ভিতৰত চৰকাৰে উন্নয়নৰ বাতাৱৰণ সৃষ্টি কৰিছে। এক কোটি ষাঠি লাখ মানুহক অটল অমৃত কাৰ্ড দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে।

বৰপেটাত অসমৰ দ্বিতীয়খন সৰ্ববৃহৎ কেন্সাৰ হস্পিতাল স্থাপন হ’ব বুলিও ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে ২০ হাজাৰ কিল’মিটাৰ গড়কাপ্টানী পথ একেলগে মেৰামতি কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ আমাৰ ৰাজ্যখনক এচাম লোকে পুনৰ অশান্ত কৰাৰ চেষ্টা চলাইছে বুলি ব্যক্ত কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয়,  ‘’অসমে পুনৰ ঐতিহাসিক ভুল কৰিব নালাগে। বিকাশৰ ৰাজনীতি আৰম্ভ কৰিব লাগে। কাজিৰঙাৰ মাটি বেদখল কৰা, মাদানীৰ সৈতে একেলগে বহা মানুহে অসম অশান্ত কৰাৰ চেষ্টা চলাইছে। আন্দোলন কৰিলে শান্তি নাহে।‘’

ভাষণ প্ৰসংগত তেওঁ বৰপেটাৰ সত্ৰকে ধৰি বিভিন্ন সত্ৰৰ মাটি কোনে দখল কৰিছে বুলি প্ৰশ্ন তুলি কয়, ‘‘অসমীয়াৰ অস্তিত্বৰ বিপদ ক’ৰ পৰা আহে অসমীয়াই জানে।‘’

‘’তথাকথিত বামপন্থী আৰু মাদানীয়ে আমাক শিকাব নালাগে। মই ক’বলৈ ভয় নকৰোঁ। ৪৫ দিন ধৈৰ্য ধৰাৰ আমাৰ কিয় সাহস নাই। ইতিহাস পঢ়িব লাগিব অসমীয়াই। ভাৰতীয় সংস্কৃতিৰ অনন্য হ’ল অসমীয়া সংস্কৃতি। ভাৰতবৰ্ষৰ ঐক্যৰ বাবে অসমীয়াই কাম কৰিছে। লাচিতে খেদা মোগলক আনি অসমত বহুৱাব বিচাৰিছে একাংশই। আমাক ভয় দেখুৱাবলৈ চেষ্টা নকৰিব। তিনি কোটি মানুহৰ ওচৰতহে আমি শিৰনত কৰিম। মাদানীৰ ওচৰত নহয়,’’-মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে ভাষণত বিজেপি বিৰোধী শক্তিক আক্ৰমণৰ লক্ষ্য কৰি লয়।

অনুষ্ঠানত সৰভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আদৰণী ভাষণ দিয়ে। সভাখনত জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, জিলাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাৰ উপৰি কেইবাগৰাকী বিজেপিৰ নেতাই অংশগ্ৰহণ কৰে।