NORTHEAST NOW (Assamese)

ৰাছিয়াৰ লেট্ৰিনত নাই পানীৰ ব্যৱস্থা, প্ৰাতঃকৰ্মৰ সময়ত অস্বস্তিত জুবিন গাৰ্গ

June 26, 2018 4:18 pm · এন ই নাও নিউজ
Updated: June 26, 2018 4:19 pm

ভাৰতীয় সংস্কৃতিত টয়লেটত পানীৰ ব্যৱহাৰ নহলেই নহয়। কিন্তু বিশ্বৰ বিভিন্ন দেশৰ দৰে ৰাছিয়াতো মানুহে লেট্ৰিনত পানীৰ ব্যৱহাৰ নকৰে।

ভাৰতত মানুহে লেট্ৰিনলৈ গৈ পানী লোৱা প্ৰথা, গা ধোৱা এটা অত্যাৱশ্যকীয় আচাৰ হোৱা হেতুকে ৰাছিয়াত ফুটবল চাবলৈ যোৱা জুবিনে লেট্ৰিনত পানীৰ ব্যৱহাৰ নথকাটোতে অত্যন্ত অসুবিধা পালে।

তেওঁ ৰাছিয়াৰ লেট্ৰিনত লাভ কৰা অভিজ্ঞতাৰ এটা ভিডিঅ’ ছচিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টো এতিয়া ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।

প্ৰত্যেক দেশৰে নিজা নিজা ৰীতি নীতি আছে। সেয়া সেই দেশখনৰ অত্যন্ত ঘৰুৱা বিষয়।

ফুটবল চাবলৈ ৰাছিয়াত উপস্থিত হৈ জুবিনক ৰাছিয়াৰ এখন গাঁওত থকা এটা কটেজত থকাৰ বন্দোৱস্ত কৰি দিছিল তেওঁৰ গাইডগৰাকীয়ে। পিছে কটেজত উপস্থিত হৈহে তেওঁ গম পাইছিল যে সেই কটেজটোৰ লেট্ৰিনত নাই পানীৰ ব্যৱস্থা।

জুবিনে যেতিয়া গম পাইছিল যে তেওঁ উঠা কটেজটোৰ লেট্ৰিনত পানীৰ ব্যৱস্থা নাই, তেতিয়া তেওঁ প্ৰাতঃকৰ্মৰ বাবে কিছু পানী পাকঘৰৰ এটা গিলাচত থৈ দিছিল। পাছদিনা গিলাচটো লৈ জুবিন যেতিয়া লেট্ৰিনত সোমাল তেতিয়াহে তেওঁৰ আচল অথন্তৰ ঘটিল। প্ৰাতঃকৰ্ম ফেৰা সমাপন কৰি উঠি তেওঁ  গিলাচৰ পানী পানীখিনি ব্যৱহাৰ কৰিলে। কিন্তু গিলাচটোত পালে কটেজটোৰ ৰান্ধনিয়ে অমলেট বনাবলৈ থৈ দিয়া বাটাৰ।

ৰাছিয়াৰ কটেজত লেট্ৰিনত লাভ কৰা অসুবিধাৰ কথা জুবিনে উক্ত ভিডিঅ’টোত তেওঁৰ নিজস্ব কথনভংগীৰে অকপটে প্ৰকাশ কৰিছে।

Related News