ৰাজস্থানত উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে পৰাজিত শাসনাধিষ্ঠিত বিজেপি, ‘বিজেপিৰ বেয়া দিন আৰম্ভ’ : তৰুণ গগৈ

tarun gogoi

তৰুণ গগৈৰ সংবাদমেল

ৰাজস্থানত শাসনত থকাৰ পিছতো সদ্যসমাপ্ত উপ নিৰ্বাচনত দুটা লোকসভা আৰু এটা বিধানসভা সমষ্টি কংগ্ৰেছৰ হাতত হেৰুৱাব লগা হোৱাতো বিজেপিৰ বাবে এক চৰম বিপৰ্য্যয়।

শুকুৰবাৰে ডিব্ৰুগড়ত এক সংবাদমেলত এইদৰে কয় অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত তৰুণ গগৈয়ে কয়, ‘এই পৰাজয়ে দেখুৱাই দিছে যে বিজেপিৰ বেয়া দিন আৰম্ভ হৈ গৈছে।’

কেন্দ্ৰত যোৱা চাৰি বছৰত বিজেপি চৰকাৰ বিফল হোৱা বুলি দাবী কৰি সংবাদমেলখনত কেন্দ্ৰীয় বাজেটক লৈও গগৈয়ে মন্তব্য কৰে, ‘এতিয়া তেওঁলোকে বুজি পাইছে যে তেওঁলোকে কৃষি খণ্ডৰ বাবে একো নকৰিলে। সেয়ে কৃষি খণ্ডত তেওঁলোকৰ বিফলতা লুকুৱাই এইবাৰৰ বাজেট প্ৰস্তুত কৰিছে।’

উপ নিৰ্বাচনটোত আলৱাৰ লোকসভা সমষ্টিত শাসনাধিষ্ঠিত বসুন্ধৰা ৰাজে চৰকাৰৰ কেবিনে’ট মন্ত্ৰী যশৱন্ত সিং যাদৱ কংগ্ৰেছ প্ৰতিদ্বন্দ্বীৰ হাতত প্ৰায় ২ লাখ ভোটত পৰাজিত হৈছে।

আনহাতে আজমেৰ লোকসভা সমষ্টিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চনৱাৰলাল জাটৰ পুত্ৰ বিজেপি প্ৰাৰ্থী ৰামস্বৰূপ লাম্বা কংগ্ৰেছী প্ৰাৰ্থীৰ হাতত প্ৰায় ৮৫ হাজাৰ ভোটত পৰাজিত হৈছে।

ইফালে মণ্ডলগড় বিধানসভা সমষ্টিত কংগ্ৰেছী বিসম্বাদী এগৰাকীয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰা সত্বেও প্ৰায় ১৩ হাজাৰ ভোটত কংগ্ৰেছী প্ৰাৰ্থীগৰাকী বিজয়ী হ’বলৈ সক্ষম হয়।

নিৰ্বাচন অনুষ্ঠিত হোৱা আটাইকেইটা (১৭ টা) বিধানসভা সমষ্টিতে বিজেপি এই নিৰ্বাচনত পিছ পৰি থাকে।

বিজেপিশাসিত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাত্ৰ ১০ মাহ বাকী থকা অৱস্থাত দলটোৰ এই বিপৰ্য্যয় তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছে।