ৰাজ্যত নৈমিত্তিক ঘটনাত পৰিণত হোৱা পথ দুৰ্ঘটনাৰ ধাৰাৱাহিকতা ৰক্ষা কৰি কোকৰাঝাৰৰ গোসাইগাওঁ চহৰৰ ওচৰৰ পদ্মবিলত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙ্গলবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা৷
দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাটোত গাড়ী দুখন ভাগি চূচুৰ্মৈ হৈ পৰে যদিও দৈৱক্ৰমে ৰক্ষা পৰে ট্ৰাক দুখনৰ চালক দুজন৷
মুখামুখি সংঘৰ্ষৰ ফলত ট্ৰাকতে চেপা খাই আবদ্ধ হৈ মৰণকাতৰ আৰ্তনাদ কৰা ৰাজেশ কুমাৰ যাদৱ নামৰ চালকজনক ঘটনাথলীত উপস্থিত আৰক্ষী আৰু ৰাইজে প্ৰায় দুঘণ্টাজোৰা চেষ্টাৰ অন্তত উলিয়াই গোসাইগাঁৱৰ হাব্ৰুবিলস্থিত আৰ এন বি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আহত চালকজনক কোকৰাঝাৰলৈ প্ৰেৰণ কৰে৷
সম্প্ৰতি চালকজন সংকটমুক্ত বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনাগ্ৰস্ত আনখন ট্ৰাকৰ চালকজনে পলায়ন কৰিছে।
নিশা প্ৰায় ১১ বজাত পদ্মবিলৰ ৰাষ্ট্ৰীয় ঘাইপথত এন এল-০২কে/৭৮৪২ আৰু ডব্লিউ বি-১৫/এ ২৬০৯ নম্বৰৰ ট্ৰাক দুখনৰ মুখামুখিকৈ হোৱা সংঘৰ্ষ ইমানেই তীব্ৰ আছিল যে ঘটনাটোত ট্ৰাক দুখনৰ যন্ত্ৰাংশ ভাঙি-ছিঙি পথতে সিঁচৰিত হৈ পৰে।
মাজনিশাৰ আন্ধাৰত সংঘটিত দুৰ্ঘটনাটোৰ প্ৰচণ্ড শব্দ শুনি ওচৰৰ ৰাইজ ঘটনাস্থলীত উপস্থিত হৈছিল।